sangbad lahar logo

বেংকৰ বিৰুদ্ধে কঠোৰ আৰ বি আই, এ টি এমত ধন নাথাকিলে বেংকে ভৰিব লাগিব ১০ হেজাৰ টকাৰ জৰিমনা….

ATMত এতিয়াৰে পৰা নগদ ধন জমা নাথাকিলে বেংকে ভৰিব লাগিব জৰিমনা। ভাৰতীয় ৰিজার্ভ বেংক (আৰ বি আই)-এ এই সন্দৰ্ভত এক নতুন জাননী জাৰি কৰিলে।
আৰ বি আয়ে উক্ত জাননীত উল্লেখ কৰা অনুসৰি এতিয়াৰে পৰা প্ৰতিটো বেংকে নিজৰ এ টি এমত পর্যাপ্ত পৰিমাণত নগদ ধন জমা ৰাখিব লাগিব।যেতিয়াই এ টি এমৰ ধন শেষ হ’ব, লগে লগে সংশ্লিষ্ট বেংকে এ টি এমত নগদ ধন ভৰাব লাগিব। প্রতি মাহত যদি ১০ ঘণ্টাতকৈ অধিক সময় কোনাে এ টি এমত নগদ ধন নাথাকে, তেন্তে উক্ত বেংকক জৰিমনা বিহা হ’ব।
অর্থাৎ এমাহত কোনাে বেংকৰ এ টি এমত নগদ ধন সমাপ্ত হােৱাৰ পাছত ১০ ঘণ্টাতকৈ অধিক সময়লৈকে ধন নভৰালে উক্ত বেংকে জৰিমনা ভৰিব লাগিব। এনে বেংকক আৰ বি আয়ে ১০,০০০ টকা জৰিমনা বিহিব।
প্ৰতিটো এ টি এমৰ বিপৰীতে ১০ হেজাৰ টকাকৈ জৰিমনা বিহা হ’ব। আৰ বি আইৰ এই নতুন নির্দেশনাৰ ফলত এতিয়াৰে পৰা এ টি এমৰ পৰা ধন উলিওৱাৰ ক্ষেত্ৰত বেংকৰ গ্ৰাহকসকল উপকৃত হ’ব পাৰিব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *