
পুৱা আঠ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ চলিব এই সেৱা ।ক’ভিড প্ৰট’কল মানি উঠিব পাৰিব যাত্ৰী । ক’ভিড সংক্ৰমণৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ৬ মে’ৰ পৰা বন্ধ ৰখা হৈছিল ৰ’পৱে সেৱা ।বৃদ্ধি কৰা হৈছে ৰ’পৱে পাৰাপাৰ ভাড়া।পুৰ্বৰ ভাৰা অহাযোৱা এশটকাৰ পৰিবৰ্তে এশ পঞ্চাশ টকালৈ কৰা হৈছে বৃদ্ধি। এবাৰ পাৰ হলে ষাঠি টকাৰ বিপৰীতে এশ টকালৈ বৃদ্ধি কৰা হৈছে । তিনি বছৰৰ পৰা বাৰবছৰ আৰু জ্যেষ্ঠ নাগৰিকৰ ভাৰা হ্ৰাস কৰি আধা কৰা হৈছে ।সাপ্তাহিক ভাৰা দুহেজাৰ মাহিলী ভাৰা ছহেজাৰ টকা আৰু বছৰেকীয়া পঞ্চাচ হাজাৰ টকা ।বিশেষভাবে সক্ষম লোকৰ ভাৰা সম্পূৰ্ণ ৰেহাই । জি এম ডি এৰ এক জাননীযোগে এই কথা প্ৰকাশ ।