
নিউজ ডেস্ক, ১৩ মে’: ক’ৰণা আতংকৰ বাবে দেশত অব্যাহত আছে লক-ডাউন । গৃহবন্দী সকলো , ব্যতিক্ৰম নহয় তাৰকা খেলুৱৈ মহেন্দ্ৰ সিং ধোনিও । ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ গৃহবন্দিত্বৰ এখন আলোকচিত্ৰ শেহতীয়াকৈ সামাজিক মাধ্যমযোগে চৰ্চিত হৈছে।ধোনীৰ অনুৰাগী সকলে সেই আলোকচিত্ৰ খন প্ৰত্যক্ষ কৰি তেওঁ বুঢ়া হ’ল নেকি বুলি মন্তব্য কৰাত ধোনীৰ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । মাতৃয়ে কোৱা মতে আলোকচিত্ৰত দেখা ধৰণে তেওঁৰ পুত্ৰ বুঢ়া হোৱা নাই আৰু আগন্তুক আইচিচি টি-২০ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ বাবে পুত্ৰ ধোনি প্ৰস্তুত ।