sangbad lahar logo

বিয়া নহয় যেন কুৰুক্ষেত্ৰ ৰণ।

কুৰুক্ষেত ৰণত পৰিণত হ’ল মৰিগাঁৱৰ এখন কন্যাঘৰৰ ৰভাতলী। ৰভাতলীত কন্যাক এৰি মঙলদৈৰ দৰাৰ আত্মগোপন। অঞ্চল জুৰি তীব্ৰ প্ৰতিক্ৰিয়া। বৃহস্পতিবাৰে মৰিগাঁৱৰ চোলাপাৰৰ নতুনকৈ বহা মিঞা চুবুৰীৰ গিয়াচুদ্দিন আহমেদৰ কন্যাক মঙলদৈৰ জনৈক দৰাৰ সৈতে নিশা সম্পন্ন হয় নিকাহ কাৰ্য। দৰাঘৰীয়াৰ বিদায়ৰ কালত ছোৱালীৰ পিতৃ গিয়াচুদ্দিনে দৰাঘৰীয়াৰ বাটত থকা তিনিজন যুৱকক খোৱাৰ বাবে আমন্ত্ৰণ জনাই। ইয়াতে দৰাঘৰীয়াৰ তিনি যুৱক ক্ষুব্ধ হৈ পৰে ৷ আৰু এনেদৰে মাতিলেই যাম নেকি বুলি বিৰ্তকৰ সূত্ৰপাত কৰে। পিতৃৰ দুৰ্ব্যৱহাৰ কৰা প্ৰত্যক্ষ কৰি কন্যাৰ জ্যেষ্ঠ ভাতৃয়ে বাধা দিয়াত তিনিওজন দৰাঘৰীয়াই কণ্যাৰ পিতৃ আৰু ককায়েকক আক্ৰমন কৰাত দুই পক্ষৰ মাজত সৃষ্টি হয় প্ৰচণ্ড মাৰপিত। ইয়াৰ পিছতে উদণ্ড যুৱকৰ দলটো কন্যাঘৰৰ ৰভাতলী এৰি পলায়ন কৰাৰ লগতে দৰাও অৰ্ন্তধান হয় ৰভাতলীৰ পৰাই।সমগ্ৰ ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে উক্ত অঞ্চলটোত।নিশাই ঘটনাস্হলীত উপস্থিত ৰহা আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া। গোচৰ তৰিলে কন্যাঘৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *