বিহু সুৰক্ষা সমিতি,তামুলপুৰ জিলা সমিতিৰ উদ্যোগত গোৰেশ্বৰ বাসী ৰাইজৰ সহযোগত বিহু সুৰক্ষা সমিতি,অসমৰ সপ্তম দ্বি-বাৰ্ষিক কেন্দ্ৰীয় পূৰ্ণকালীন অধিবেশনৰ আজি সামৰণি পৰে।আজি প্ৰভাতি পুৱাৰ পিছত দুপৰীয়া বিশাল সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হয়।

সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দীপ জ্যোতি শৰণীয়াই সাংস্কৃতিক শোভাযাত্ৰা আনুষ্ঠানিক ভাৱে উদ্বোধন কৰ।দুপৰিয়া মুকলি সভাত সভাপতিত্ব কৰে বিহু সুৰক্ষা সমিতি,অসমৰ সভাপতি যতীন গগৈয়ে।আগন্তুক দুটা বছৰৰ বাবে গঠিত নতুন সমিতিখনৰ বিষয়ববীয়াৰ নাম ঘোষণা কৰা হয়।

যতীন গগৈক সভাপতি আৰু দেৱ বৰাক সাধাৰণ সম্পাদক হিচাপে লৈ শতাধিক সদস্যৰে বিহু সুৰক্ষা সমিতি,অসম গঠিত হয়।