sangbad lahar logo

বিহুলৈ মাজত মাঁথো এটা পষেক । ১৪ এপ্ৰিলত বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হ’ব বাপতি সাহোন বিহু । প্ৰতিখন জিলাতে চলিছে বিশ্ব অভিলেখৰ আখৰা । গাঁৱে-ভূঞে, নগৰে-চহৰে সাজু ১২ হাজাৰ নাচনী । গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডলৈ সাজু মাৰ্ঘেৰিটা সমষ্টিৰ ১০০ গৰাকী বিহুৱা-বিহুৱতী ।

মাৰ্ঘেৰিটাৰ বিহুৱা-বিহুৱতীৰ আখৰা পৰিদৰ্শন তিনিচুকীয়া উপায়ুক্ত সপ্নিল পালৰ ৷ তিনিচুকীয়া জিলাৰ ৫টা সমষ্টিৰ পৰা ৫০০শ বিহুৱা-বিহুৱতীয়ে যোগদান কৰিব । আগন্তুক ব’হাগ বিহুৰ দিনা সৰুসজাই ষ্টেডিয়ামত অসমৰ দহ হাজাৰৰো অধিক নাচনীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত বিহু নৃত্য প্রদর্শন কৰিব । ইয়াৰ বাবে ৰাজ্যজুৰি ব্যাপক প্রস্তুতি অব্যাহত আছে । সম্প্ৰতি সমগ্ৰ ৰাজ্যখনতে বিহু নৃত্যৰ আখৰাত ব্যস্ত হৈ পৰিছে । ৰাজ্যখনৰ আন আন জিলাৰ লগতে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাতো বিশ্ব অভিলেখৰ বাবে হ’বলগীয়া বিহু আখৰাত ব্যস্ত নাচনী-ঢুলীয়াসকল ৷ ব’হাগ বিহুৰ দিনা প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ সন্মুখত দহ হাজাৰৰো অধিক নাচনীয়ে বিহু নৃত্য প্ৰদৰ্শন কৰি এক ইতিহাস ৰচিবলৈ আগবাঢ়িছে । সৰুসজাইত নাচনীয়ে বিহু নৃত্য প্ৰদৰ্শন কৰি গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত অন্তৰ্ভুক্তিৰ বাবে অগ্ৰসৰ হৈছে । সেই দিনটো অসমবাসীৰ বাবে এক গৌৰৱৰ ক্ষণ হিচাপে চিহ্নিত হৈ ৰ’ব । সমগ্ৰ অসমবাসীয়ে এতিয়া আগ্ৰহেৰে বাট চাই আছে সেই ইতিহাস গঢ়িবলৈ লোৱা ক্ষণটোৰ বাবে । অসমৰ বিহুক বিশ্ব দৰবাৰলৈ নিয়াৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এক বিশেষ পদক্ষেপ গ্রহণ কৰিছে । ৩১ মাৰ্চত মাৰ্ঘেৰিটাত অনুষ্ঠিত বিহু শেষ আখৰা পৰিদৰ্শন কৰিলে তিনিচুকীয়া উপায়ুক্ত সপ্নীল পালে ।

Related Articles