
নিউজ ডেস্কঃ বিশ্বনাথ এম ভি আই(MVI)ৰ বিৰুদ্ধে প্ৰতিবাদ।আজি বিহালীৰ ৰাজপথত মৃতদেহলৈ প্ৰতিবাদ একাংশ লোকৰ ৷ অভিযোগ মতে, বিহালীৰ চেৰেলীয়াৰ এখন মালবাহী ব’লেৰৰ মালিকে কম দিনৰ ভিতৰতে দুবাৰকৈ জৰিমনা ভৰিব লগা হোৱাত উপায়ন্তৰ হৈ আত্মহত্যা কৰে ৷ অভিযোগ অনুসৰি, ৰবীন মণ্ডল নামৰ (২৮) বছৰীয়া ব’লেৰ মালিকজনক বিশ্বনাথ জিলা পৰিবহন বিভাগৰ বিষয়াই অভাৰ ল”ডৰ নামত ২ বাৰত ৫০ হাজাৰ টকা জৰিমনা দিব লগা হোৱাত বৃহস্পতিবাৰে নিশা প্ৰায় ১০ বজাত ৰেল লাইনত পৰি আত্মহত্যা কৰে ৷
বিশ্বনাথ জিলা পৰিবহন বিভাগৰ বিষয়াৰ জৰিমনা বিহা কাৰ্যৰ বোজা বহন কৰিব নোৱাৰি আত্মহত্যাৰ পথ বাচি লোৱা ৰবীন মণ্ডল নামৰ লোকজনৰ মৃতদেহ বিহালীৰ অন্যান্য বলেৰ’ মালিকসকলৰ ওপৰিও পৰিয়ালৰ সদস্যই লৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাঁইপথৰ মাজত ৰাখি বিশ্বনাথৰ MVIৰ বিৰুদ্ধে ক্ষোভ উজাৰে ৷