
নৱ গঠিত অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ বিহালী আঞ্চলিক সমিতি আৰু সদৌ ৰাংছালী আৰ্থ সামাজিক উন্নয়ন সমিতিৰ সহযোগত ৰাংছালী ৰংগমঞ্চ প্ৰাংগনত ভূপেন হাজৰিকা দশম বাৰ্ষিক মৃত্যু তিথি উপলক্ষে শুক্ৰবাৰে বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ন কৰা হয় । বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী শুভাৰম্ভ কৰে ৰাংছালীৰ জেষ্ঠ শিক্ষক তথা সমাজসেৱক ধৰণী দাসে । ইফালে পূৱ বিহালী আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়-ববীয়া সকলেও ৰাংছালীৰ কমাপুখুৰীত অসমীয়াৰ হিয়াৰ আমঠু , বিশ্ব বৰেণ্য শিল্পী‚ অসমী আইৰ সুযোগ্য সন্তান‚ দাদাচাহেব ফাল্কে বঁটা প্ৰাপ্ত সংগীতজ্ঞ‚ ভাৰত ৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱৰ দশম মৃত্যু বাৰ্ষিকীত মহান শিল্পী গৰাকীলৈ শ্ৰদ্ধাঞ্জলিৰ লগতে বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ন কৰে। আনহাতে উদ্দীপ্ত চ’ৰাৰ উদ্যোগত বেদেতীৰ ভূপেন হাজৰিকা ক্ষেত্রত ভূপেন হাজৰিকা দেৱলৈ শ্ৰদ্ধাঞ্জলিৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয় ।