sangbad lahar logo

বিহালীত মানৱীয়তা উলংঘন ইটাভাটাৰ এচাম মালিকৰ।

ইটাভাটাৰ শ্ৰমিকক সুবিধাৰ পৰা বঞ্চিত একাংশ মালিকৰ। বিপদ সংকুলভাৱে বজাৰ কৰিবলৈ পঠাই শিশুসহ শ্ৰমিকক সকলক। বিহালীৰ ইটা ভাটাৰ মালিক সকলে ইটা নিৰ্মাণ কৰিবলৈ অসমৰ বিভিন্ন ঠাইৰ পৰা বনুৱাসকলক লৈ আহে । আৰু সেই শ্ৰমিক সকলে এমুঠি আহাৰৰ বাবে শ্ৰম কৰে। কিন্ত এই শ্ৰমিক সকলক যাৱতীয় যি সমূহ সুবিধা প্ৰদান কৰিব লাগে সেই সমূহ সুবিধাৰ পৰা বঞ্চিত কৰে একাংশ মালিক পক্ষই । আজি বৰগাঙ সপ্তাহিক বজাৰত দেখা গ’ল তেনে এক দৃশ্য , বিপদ মুক্ত বাহনত শ্ৰমিক সকলক বজাৰ কৰিবলৈ পঠোৱাৰ বিপৰীতে ইটাভাটা সমূহত মাটি কঢ়িয়াবলৈ ব্যৱহাৰ কৰা ট্ৰেক্টৰৰ ডবাত বিপদ সংকুলভাৱে শিশুসহ শ্ৰমিক সকলক বজাৰ কৰিবলৈ পঠোৱা দেখা পৰিলক্ষিত হয়।আৰু এই একাংশ উঠি ৰজা-বহি ৰজা মালিকক নাকি লগাব পাৰিব নে প্ৰশাসনে!

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *