
বিশ্বনাথ জিলাৰ অন্তৰ্গত বিহালী সমষ্টিৰ নকনীয়া পথাৰৰ নিবাসী শ্ৰী মিন্টু দাস আৰু শ্ৰী মীৰা দাসৰ ঘৰত নিশা ৩ মান বজাত প্ৰায় ২০ টা হাতীৰ এটা যাক আহি তেওঁলোকৰ ঘৰ ভঙাৰ লগতে দুই ডুলি ধান খায় আৰু ঘৰৰ বহু সামগ্ৰীৰ অনিষ্ট সাধন কৰে । জানিব পৰা মতে প্ৰায় বহু বছৰ ধৰি এইদৰে বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই আহিছে অঞ্চলটোত।