sangbad lahar logo

বিহালীত ডাম্পাৰৰ খুন্দাত থিতাতে নিহত এগৰাকী মহিলা।

নিউজ ডেস্ক : আজি দিনৰ প্ৰায় ২ বজাত বিহালী কল্যাণ আশ্রমৰ সমীপত তীব্রবেগী ডাম্পাৰে প্রাণ ললে এগৰাকী মহিলাৰ !জানিব পৰা মতে বিহালী থানা অন্তর্গত চেনিমাৰী গাৱৰ লীলা গঞ্জুৰ পত্নী নমিতা গঞ্জু (৩০)বেদেতী প্রাথমিক চিকিৎসালয়লৈ গৈ ঘৰলৈ আহি থকা অৱস্থাত বিহালী কল্যাণ আশ্রমৰ সমীপত খুন্দা মৰাত থিতাতে নিহত হয় !নিহত নমিতা গঞ্জু চাৰিটা সন্তানৰ মাতৃ আৰু দিন হাজিৰা কৰা ব্যক্তি ! দুঘর্টনা কৰা গাড়ীখন AS 12 D 4688 নম্বৰৰ বৰগাংৰ ইটাভাটাৰ মালিক মইনাল শেখৰ বুলি জানিব পৰা গৈছে । ইতিমধ্যে চালকসহ গাড়ীখন বিহালী আৰক্ষীয়ে জব্দ কৰে ।

Related Articles

51 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *