sangbad lahar logo

বিহালীত ক’ভিড যোদ্ধাক সম্বৰ্ধনা ভাৰতীয় জনতা পাৰ্টীৰ …

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সবল নেতৃত্বত ক’ভিড মহামাৰীৰ প্ৰথম পালি প্ৰতিষেধক এশ কোটি জনতাক দিয়া সম্পূৰ্ণ হ’ল । তাৰবাবে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সমিতিয়ে প্ৰতিষেধক কেন্দ্ৰত দলৰ তৰফৰ পৰা চিকিৎসা কৰ্মী সকলক সম্বৰ্ধনা জনাবলৈ নিৰ্দেশ দিয়ে ।সেই উপলক্ষে বৃহস্পতিবাৰে দলৰ সকলো কাৰ্যকৰ্তাক নিকটৱৰ্তী প্ৰতিষেধক কেন্দ্ৰত উপস্থিত থাকি সহযোগিতা আগবঢ়াই। বৰগাং, গাংমৌ গাওঁ পঞ্চায়তত সম্বৰ্ধনা কাৰ্যসূচী অন্ত পৰাৰ পিছত বৃহস্পতিবাৰে বিহালী প্ৰাথমিক চিকিৎসালয়ৰ সভা কক্ষত এখনি সম্বৰ্ধনা সভা অনুষ্ঠিত হৈ যায় । নিজ বিহালী গাওঁ পঞ্চায়তৰ সভাপতি প্ৰেম কান্ত চেত্ৰীৰ সভাপতিত্ব অনুষ্ঠিত সভাত ডা:যোগেন চন্দ বে, ডা:প্ৰদীপ বিশ্বাসী এই সভাৰ নেতৃত্ব বহন কৰা বিজেপিৰ জিলা উপ সভাপতি ক্ষীৰোদ দাস বটিয়ামাৰীৰ গাওঁ পঞ্চায়তৰ সভানেত্ৰী ফুলমণি দাসৰ লগতে কেইবা গৰাকী চিকিৎসা কৰ্মী , নাৰ্চ উপস্থিত থাকে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *