
বিহালী বিধানসভা সমষ্টিত বিগত কেইবা বছৰৰ পৰা চলি আহিছে অবৈধ অৰুণাচলী সুৰাৰ বেহা । বিগত সময়ত ৰাজ্যৰ বিয়াগোম আৱকাৰী বিভাগৰ দুৰ্বলতাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি অৰুণাচলী সুৰাৰ ব্যৱসায় দীৰ্ঘদিন ধৰি চলাই আহিছিল একাংশ অসাধু ব্যৱসায়ীয়ে । বুধবাৰে নিশা বিহালী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কমল বড়োৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে বিহালী সমষ্টিৰ অন্তৰ্গত থান বিহালীৰ পৰা অৰুণাচলত পঞ্জীকৃত এখন বিলাসী বাহনৰ পৰা ৩০ কাৰ্টুন অবৈধ অৰুণাচলী সুৰা জব্দ কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে, অৰুণাচলৰ পঞ্জীকৃত AR 01N 2574 নম্বৰৰ বলেৰ’ বাহনখন জনৈক ছেত্ৰীৰ নামত পঞ্জীয়ন আছে বুলি জানিব পৰা গৈছে । সম্প্ৰতি আৰক্ষীয়ে সুৰা খিনি জব্দ কৰাৰ লগতে বাহনখনো জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে।