
অসমীয়া জাতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ থানৰ তিনি কিলোমিটাৰ দক্ষিণে অৱস্থিত ঐতিহ্যমণ্ডিত এখন সত্ৰত এতিয়া অচলাৱস্থা আৰম্ভ হৈছে। কোবাইকটা সত্ৰ নামৰ এই ঐতিহ্যমণ্ডিত সত্ৰৰ বন্তি গছি কোনোমতে জ্বলাই ৰাখিছে সত্ৰৰ পৰিচালনা সমিতিখনে। সত্ৰৰ প্ৰাচীন ইতিহাসৰ বহুল পৰিক্ৰমাৰ সাক্ষী স্বৰূপ মাহধোৱা পুখুৰী আৰু মুঠ ৫৪ বিঘা মাটি একাংশ স্থানীয় দুস্কৃতিকাৰীৰ বেদখলৰ কবলত আছে। কুঁজিসত্ৰ কিচামতৰ ২৪৯ নং দাগত মাত্ৰ ১ কঠা মাটিত কোনোমতে নামঘৰ আৰু মণিকূটৰ সৈতে জৰাজীৰ্ণ অৱস্থাৰে বৰ্তি আছে এই সত্ৰখন । সত্ৰৰ প্ৰাচীন ইতিহাসৰ সাক্ষী ঐতিহাসিক মাহধোৱা পুখুৰীৰ মাটিকালি ২ বিঘা ২ কঠা ৮ লোচা । আনহাতে সত্ৰৰ প্ৰাচীন বহু ঘটণা পৰিঘটণাৰ সাক্ষী স্বৰূপ কোবাইকটা আৰু নলচা গাওঁকে ধৰি দাঁতিকাষৰীয়া সত্ৰ সৰ্বমুঠ ৪৫০ বিঘাৰো অধিক ভূমি বেদখলৰ কবলত আছে। বুধবাৰে বটদ্ৰৱাত অনুষ্ঠিত এখন সংবাদ মেলত বিশ্ব হিন্দু মহাসংঘ অসমৰ ৰাজ্যিক সম্পাদক বলেন বৈশ্যই কয় যে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাকে আদি কৰি অসমৰ সমূহ সত্ৰ -দেৱালয়,মঠ মন্দিৰকে ধৰি সনাতন সংস্কৃতিৰ ধৰ্ম উপাসনাৰ স্থান সমূহ বেদখলকৃত ভূমি সমূহৰ সকলো বেদখল মুক্ত কৰাৰ দাবীত অলৰ অচৰ। সংবাদমেলত বিশ্ব হিন্দু মহাসংঘৰ ৰাজ্যিক সম্পাদক গৰাকীয়ে মণ্ডল কাননগুহে মাটিৰ ম্যাদীপট্তাৰ নামত দালালি কৰাৰ কথা উল্লেখ কৰি কোবাইকটা সত্ৰৰ ৫৪ বিঘা ভূমি ধিং ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়ৰ মণ্ডলে ব্যক্তিগত পট্তাদাৰৰ নামত কৌশলেৰে ম্যাদিপট্তাৰ নামজাৰী কৰা বুলিও বিস্ফোৰক অভিযোগ প্ৰকাশ কৰে। প্ৰকাশ থাকে যে ১৯৮৩ চনৰ ৭ ফেব্ৰুৱাৰীত অসম আন্দোলনৰ অগ্নিগৰ্ভা পৰিস্থিতিত একাংশ দুস্কৃতিকাৰীৰ উৎপীড়ন আৰু ঘৰ জ্বলোৱাকে আদি কৰি অত্যাচাৰৰ বলি হৈ তাহানিৰ নলচা গাঁও আৰু কোবাইকটাৰ খীলঞ্জীয়া অসমীয়াই এইস্থান এৰিবলৈ বাধ্য হৈছিল। পৰবৰ্তী সময়ত বটদ্ৰৱাৰ কৰ্মপ্ৰাণ মন্ত্ৰী দীগেন বৰাই এক বিশেষ পদক্ষেপ গ্ৰহন কৰি সত্ৰৰ নামঘৰ আৰু মণিকূট গৃহ পুনৰ উদ্ধাৰ কৰিছিল। কোবাইকটাৰ লগতে গুৰুজনাৰ জন্মস্থানৰ শান্তিজানকে আদিকৰি সকলো বেদখল উচ্চেদৰ দাবী জনায় মাননীয় অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক কোবাইকটাৰ বেদখল মুক্ত কৰি উক্ত স্থানত সত্ৰকৃষ্টিৰ গৱেষণাগাৰ ,পুঁথিভড়াল আৰু সংগ্ৰহালয় স্থাপন কৰা পঞ্চগুৰুৰ প্ৰতিমুৰ্তি স্থাপনৰ জৰিয়তে সম্প্ৰীতিৰ কীৰ্তি যাউতি যুগীয়া কৰা আৰু কোবাইকটা সত্ৰলৈ সূচল যাতায়ত ব্যৱস্থাৰ লগতে পৰ্য্যটকৰ আকৰ্ষণীয় স্থান হিচাপে গঢ়ি তোলাৰ দাবী সম্বলিত এখনি স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰাৰ কথা সংবাদমেলত ব্যক্ত কৰে। সংবাদমেলত কোবাইকটাৰ সত্ৰ পুনৰ উদ্ধাৰ সমিতি আৰু কোবাইকটা থান পৰিচালনা সমিতি কোনো এখনৰ লগতে বিশ্ব হিন্দু মহাসংঘ অসমৰ কোনো ধৰণৰ সম্পৰ্ক নথকাৰ বিষয়টো স্পষ্ট কৰি দিয়ে । আজিৰ সংবাদমেলত মহাসংঘৰ ৰাজ্যিক সাধাৰণ সম্পাদক বলেন বৈশ্যৰ উপৰিও সাংগঠনিক সম্পাদিকা দেৱশ্ৰী গোস্বামী, মৰিগাওঁৰ শিলডুবি সত্ৰৰ সত্ৰাধিকাৰ ক্ষিৰোদ গোস্বামী মৰিগাওঁ জিলা সম্পাদক পুলিন কাকতিৰ লগতে হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মাধৱ দাস ,মুখ্য সাংগঠনিক সম্পাদক বিটুমনি গগৈ আৰু যুগ্মজ্যোতি দত্তৰ উপৰিও বহুকেইজন কাৰ্য্যকৰ্তা উপস্থিত থাকে।