sangbad lahar logo

বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিছে অলিম্পিক পদক বিজয়ী অসমৰ তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁই ।

দিল্লীত অনুষ্ঠিত হৈ থকা বিশ্ব বক্সিং চেম্পিয়নশ্বিপখনত লাভলীনাই আজি ছেমি ফাইনেলত চীনৰ শক্তিশালী প্ৰতিদ্বন্বীক পৰাস্ত কৰি এই সফলতা লাভ কৰিছে । উল্লেখ্য যে, লাভলীনাই তেওঁৰ প্ৰতিদ্বন্বী তথা পূৰ্বৰ বিশ্ব চেম্পিয়ন, দুবাৰৰ অলিম্পিক পদক বিজয়ী লি কিয়ানক ৪-১ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয় । লাভলীনাই ইয়াৰ পূৰ্বে মুঠ ৩ বাৰ এই প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল । এইবাৰ তেওঁ প্ৰথমবাৰৰ বাবে এই প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰাৰ লগতে অন্ততঃ ৰূপৰ পদক নিশ্চিত কৰিছে । এতিয়া সকলোৰে আশা লাভলীনাই এই পদক স্বৰ্ণ পদকলৈ পৰিণত কৰক । ইফালে এই প্ৰতিযোগিতাখনত ভাৰতৰ এই পৰ্যন্ত ৪ টা পদক নিশ্চিত হৈছে। প্ৰতিভাৱান বক্সাৰ নিখাত জাৰিনেও ৫০ কেজি শাখাত কলম্বিয়াৰ প্ৰতিদ্বন্দিক ছেমি ফাইনেলত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে ৮১ কেজি শাখাত চাৱেটি বৰাই অষ্ট্ৰেলিয়াৰ প্ৰতিদ্বন্দিক আৰু নিতু ঘাংঘাছে কাজাখাস্তানৰ আলুয়া বাল্কিবেকোভাক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে ।

Related Articles