
আজি এক বৰ্ণিল কাৰ্যসূচীৰে বিশ্বনাথ চাৰিআলিত উন্মোচন কৰা হয় এখন কাব্য পুথি। কোচগাঁৱৰ অৱসৰপ্ৰাপ্ত আদৰ্শ শিক্ষয়িত্ৰী, কবি তথা নীৰৱ সাহিত্যসেৱী কল্পনা ভূঞাৰ সদ্য প্ৰকাশিত কাব্য সংকলন “এটি দুটি সুখৰ পল “উন্মোচন কৰে শিক্ষক তথা কবিতা প্ৰেমী চন্দ্ৰ লুইটেলে। অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক ,সমাজ সেৱক মহেন্দ্ৰ মোহন শইকীয়াই আঁতধৰা সভাত কবিগৰাকীৰ চতুৰ্থ সংখ্যক উক্ত সংকলনটি উন্মোচন কৰি দিয়া ভাষণ প্ৰসংগত এটি দুটি সুখৰ পল’য়ে সাম্প্ৰতিক সমাজ ব্যৱস্থাৰ এক সুন্দৰ ছবি দাঙি ধৰিবলৈ সক্ষম হোৱা বুলি মত ব্যক্ত কৰে উন্মোচক গৰাকীয়ে । বিশিষ্ট কবি-সাহিত্যিক দিলীপ কুমাৰ ভট্টাচাৰ্যৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিশ্বনাথ প্ৰাথমিক শিক্ষা খণ্ডৰ বিষয়া কৰুণাকান্ত ভট্টই মুখ্য অতিথিৰ আসনৰ পৰা কবি গৰাকীলৈ শুভেচ্ছা জ্ঞাপন কৰে আৰু এইদৰে নিৰৱচ্ছিন্নভাৱে কলম চলাই যাবলৈ আহ্বান জনায়। কবিগৰাকীৰ নিজা বাসগৃহত অনুষ্ঠিত হোৱা সভাখনি শুভাৰম্ভ কৰা হয় মৃদুল ডেকাই পৰিৱেশন কৰা সৰস্বতী বন্দনাৰে । এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত অনুষ্ঠিত হোৱা সভাত কবি কল্পনা ভূঞাৰ একালৰ সহকৰ্মী তথা অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক পদুম বাঢ়ৈ, সদৌ অসম কবি চক্ৰৰ সদস্যা ৰুবী শইকীয়া দাস, শিক্ষয়িত্ৰী তথা কাব্য অনুৰাগী নয়নী হাজৰিকাই উৎসাহমূলক বক্তব্য আগবঢ়োৱাৰ লগতে কবিতা পাঠ কৰে। কণমানি শিল্পী অভিনয়না ডেকা আৰু সাগৰিকা ভূঞাই গীত পৰিৱেন আৰু কবি কল্পনা ভূঞাই শলাগৰ শৰাই শীৰ্ষক স্বৰচিত এটি কবিতাৰে উপস্থিত সদৌটিলৈ শলাগ যাঁচে। সভাত জ্যেষ্ঠ নাগৰিক ডম্বৰু গগৈ, শিক্ষক ৰেৱতী শইকীয়া, প্ৰশান্ত মহন্ত, মমী শইকীয়া, কাব্য অনুৰাগী পূৰ্বালী শইকীয়া ,সংবাদিক বিনীত ঝা প্ৰমুখ্যে আনকেইবাজনো বিশিষ্ট লোক উপস্থিত থাকে।