
তিনি শতাধিক কৃষক আৰু মাছমৰীয়া ৰাইজে ঘেৰাও কৰিলে লাহৰী বন শিবিৰ , বন বিভাগৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ , বে আইনে ভাৱে কৃষকৰ খেতি ধ্বংস কৰা ৰেঞ্জাৰ ইকৱাল হুছেইনক নিলম্বন কৰাৰ দাবীত প্ৰতিবাদ। বিশ্বনাথত বন বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ৷ ঘেৰাও কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত লাহৰিজান বন শিবিৰ ৷ ৰাইজে কৰা খেতি বন বিভাগে নষ্ট কৰাৰ অভিযোগ প্ৰতিবাদকাৰীৰ ৷ বিহপুথুৰী কৃষি পামে কৰিছিল খেতি ৷ খুটিৰ পৰা মহ আনি মাতি মাহৰ খেতি খুওৱাৰ বাবেই এই প্ৰতিবাদ ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সীমা সঠিক ভাৱে নিৰ্ধাৰন নোহোৱাৰ বাবেই তিনি শতাধিক স্থানীয় কৃষক আৰু মাছমৰীয়া ৰাইজ আৰু বন কৰ্মী সকলৰ মাজত এই সংঘাত ৷ বে আইনে ভাৱে কৃষকৰ খেতি ধ্বংস কৰা ৰেঞ্জাৰ ইকৱাল হুছেইনক নিলম্বন কৰাৰ দাবীত বিহালীত প্ৰতিবাদ ৷ মোনাবাৰী ,খেৰবাৰী, কাঠনিবাৰীৰ কৃষক আৰু মাছমৰীয়া ৰাইজে এই প্ৰতিবাদত অংশগ্ৰহণ কৰে ৷ মোনাবাৰী অঞ্চলত কাজিৰঙাৰ দশম সংযোজন বাতিল কৰক খেতিয়ক আৰু মাছমৰীয়াৰ সুৰক্ষা নিশ্চিত কৰক ৷ উত্তৰপাৰৰ কাজিৰঙাৰ সীমা ৰাজহুৱা কৰক এই তিনি দাবী লৈ প্ৰতিবাদ কৰে ৷ ইকৱাল হুছেইনক গ্ৰেপ্তাৰ কৰক,ইকৱাল হুছেইন গ’বেক ৷ দুখীয়া খেতিয়কৰ ওৰত অত্যাচাৰ বন্ধ কৰক আদি শ্লগান দি আকাশ বতাহ কপাঁই তোলে প্ৰতিবাদকাৰী সকলে