
বিশ্বনাথৰ পৰা বিহপুৰীয়া হৈ মাজুলীলৈ আৰু যোৰহাট হৈ পুণৰ বিশ্বনাথ চাৰিআলিলৈ প্ৰায় ৪৫০ কিল’মিটাৰ দূৰত্ব অতিক্ৰম কৰি এই সজাগতা যাত্ৰা ৷
যাত্ৰাৰ উদ্দেশ্যে হ’ল সাংবাদিক সকলৰ সামাজিক সুৰক্ষা তথা গোলকীয় উষ্ণতা সন্দৰ্ভত সজাগতা সৃষ্টি কৰা। লে’ট্ছ পেডেলৰ প্ৰতিষ্ঠাপক স্নেহাংকৰ চক্ৰবৰ্তীয়ে জনায় যে এই যাত্ৰাপথচোৱা তেওঁৰ লগতে তেজপুৰৰ এগৰাকী চাইকেল আৰোহী সুমেশ ৰাইয়েও চাইকেল চালনা কৰিছে।

অনুমান কৰা মতে ১৬ আগষ্টত এই যাত্ৰাৰ আৰম্ভ আৰু ২১ আগষ্টত সামৰণি কৰাৰ প্ৰয়াস স্নেহাঙ্কৰৰ । এই যাত্ৰাত তেজপুৰৰ চাইকেল বিপনি “ট্ৰেক এণ্ড ট্ৰেইল”, “বাইক এণ্ড হাইক্” চতিয়াৰ এক প্ৰকৃতি সম্পৰ্কীয় অনুষ্ঠান “বনছাই” আৰু বিশ্বনাথৰ “য়ুনাইটেড চাইকেল ষ্টোৰ্চ”, “মেডিক্লিন” আৰু “গ্ৰাফিকা অফচেট”এ যাত্ৰাপথত আৱশ্যকীয় কিছু সামগ্ৰীৰ যোগান ধৰে।
সাংবাদিকৰ সামাজিক সুৰক্ষা বিষয়ক কেন্দ্ৰ কৰি ইতিপূৰ্বে বিভিন্ন সময়ত চাইকেল চালনা কৰি থকা স্নেহাংকৰে জনায় যে এনে বিস্তৃত কাৰ্যসূচী ভবিষ্যতেও অব্যাহত ৰখা হ’ব।