sangbad lahar logo

বিশ্বনাথৰ গৰাকী যুৱকে হিমালয়ান ইউনিভাৰ্চিটীৰ পৰা সুখ্যাতিৰে কঢ়িয়াই আনিলে স্বৰ্ণ পদক, গাঁও সংগঠনৰ দ্বাৰা সম্বৰ্ধনা কৃতি শিক্ষাৰ্থী।

বিশ্বনাথৰ মাজ বাঘমৰা গাঁৱৰ মেধা যুৱক মঞ্জুল বৰাই ২০২০ বৰ্ষৰ বি এডৰ চূড়ান্ত পৰীক্ষাত অৰুণাচল হিমালয়ান বিশ্ববিদ্যালয় পৰা সুখ্যাতিৰে প্ৰথম স্থান দখল কৰি স্বৰ্ণ পদক আঁজুৰি আনিবলৈ সক্ষম হৈছে ৷আৰক্ষী যান-বাহন শাখাৰ কনিষ্টবল দিলীপ বৰা আৰু মিনতী বৰাৰ একমাত্ৰ পুত্ৰ তথা বিশ্বনাথ চাৰিআলিৰ মাজ বাঘ মৰা গাঁৱৰ নিবাসী অমায়িক মেধাসম্পন্ন যুৱক গৰাকীক আজি মাজ বাঘ মৰা গাঁৱৰ গাঁও সংগঠনে ভাওঁনা সমাৰোহত প্ৰায় দুই শতাধিক লোকৰ উপস্থিতিত মঞ্জুল বৰাক এখন ফুলাম গামোছা আৰু এখন সম্বৰ্দ্ধনা পত্ৰৰে সম্বোধন কৰে ৷ইয়াৰ উপৰিও এই অনুষ্ঠানতে,শিক্ষা ক্ষেত্ৰত অঞ্চলটোলৈ সুখ্যাতি গৌৰৱ কঢ়িয়াই অনা প্ৰায় ১৫ গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *