sangbad lahar logo

বিশ্বনাথৰ আৰক্ষী ছাউনীত যুদ্ধত প্ৰাণ আহুতি দিয়া শ্বহীদ সকললৈ অসম আৰক্ষীৰ সোঁৱৰণী দিৱস উদযাপন।

আজি সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হয় আৰক্ষী সোঁৱৰণী দিৱস ৷প্ৰত্যেক বৰ্ষৰ ২৪ অক্টোবৰত শ্বহীদ সকলৰ প্ৰতি পালন কৰা এই দিৱসটি সপ্তাহজোৰা কাৰ্যসূচীৰে বিশ্বনাথৰ আৰক্ষী চকী ছাউনীত দেশৰ হৈ প্ৰাণ আহুতি দিয়া ভাৰতীয় বীৰ শ্বহীদ সকলৰ প্ৰতি শ্ৰদ্ধা জনাই সোঁৱৰণী দিৱস হিচাপে আজিৰ দিনটো পালন কৰে অসম আৰক্ষীয়ে ৷জিলাখনৰ তিনি গৰাকী শ্বহীদ ক্ৰমে এছ আই নৰহৰি গগৈ,কনিষ্টবল নীৰজ ছেত্ৰী, চিআৰপিএফৰ জোৱান কালিচৰণ বৰাকক স্মৰণ কৰি এই অনুস্থানত শ্বহীদ তৰ্পনৰ লগতে আৰক্ষী জোৱান সকলৰ দ্বাৰা বিভিন্ন কুচ-কাৱাজ সম্পন্ন কৰা হয়।উক্ত অনুষ্ঠানত প্ৰায় পঞ্চাচৰো অধিক আৰক্ষী জোৱান আৰু উচ্চ পদস্থ বিষয়া বিশ্বনাথ আৰক্ষী অধীক্ষক লীনা দলে,অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ ডেকা,ডিএছপি জয়ন্ত বৰুৱা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জিত কুমাৰ ৰায় আদি উপস্থিত থাকে ৷অন্যহাতে, জিলাখনৰ তিনিওগৰাকী শ্বহীদ আৰক্ষী‌ জোৱানৰ ঘৰত গৈ পৰিয়ালক সম্বৰ্ধনা জনোৱাৰ লগতে শ্বহীদ সকলে শিক্ষাগ্ৰহণ কৰা বিদ্যালয় সমূহত গৈ তেওঁলোকৰ জীৱনবৃত্তৰ ওপৰত আলোকপাত কৰাৰ উপৰিও গছপুলি ৰোপন,কুইজ প্ৰতিযোগিতা আদিৰ এলানি কাৰ্যসূচী গ্ৰহণ কৰা পদক্ষেপ লয় জিলাখনৰ আৰক্ষী বিভাগে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *