
যি সময়ত ৰাজ্যৰ বিভিন্ন স্থানত নিবনুৱা যুৱক-যুৱতীয়ে কাম বিচাৰি হাহাকাৰ কৰিব লগিয়া পৰিবেশৰ সৃষ্টি হৈছে।বহু লোকে কৰ্ম সংস্থাপনৰ বাবে বহিঃৰাজ্যত ঢাপলি মেলিব লগিয়া হৈছে।সেই সময়তে কিন্তু বিশ্বনাথৰ এগৰাকী ব্যৱসায়ীয়ে নিবনুৱা সংস্থাপনৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰি বহু লোকৰ বাবে সমাদৰৰ পাত্ৰ হৈ পৰিছে । বিশ্বনাথৰ এই ব্যবসায়ী গৰাকীৰ নাম হৈছে মৃগেণ ভাগৱতী।যি সময়ত ৰাজ্যৰ পেট্ৰল পাম্প বোৰত সধাৰণতে ইউ পি, বিহাৰৰ পৰা মানুহ আনি পেট্ৰল পাম্পৰ বিভিন্ন কৰ্মত সংস্থাপন দিয়া দেখা যায়।সেই সময়তে বিশ্বনাথৰ এই গৰাকী ব্যবসায়ীয়ে নিজৰ ৰিলায়েঞ্চ পেট্ৰল পাম্পত ১৪ গৰাকীকৈ শিক্ষিত মহিলাক কৰ্ম সংস্থাপন দি বহুতৰ বাবে সমাদৰৰ পাত্ৰ হৈ পৰিছে। ১৪ গৰাকী মহিলাই এতিয়া বিশ্বনাথৰ এই ৰিলায়েঞ্চ পেট্ৰল পাম্পটো সম্পূৰ্ণ পৰিচালনা কৰাৰ লগতে পেট্ৰল পাম্পৰ স্বতাধিকাৰী মৃগেন ভাগৱতীৰ এই পদক্ষেপৰ বাবে বিশ্বনাথৰ এই সকল মহিলাৰো সংস্থাপনৰ বাট মুকলি হৈছে।
1 Comment