
বিশ্বনাথ চাৰিআলিত গ্ৰেপ্তাৰ হৈছে আফগানিস্থানৰ যুৱক। বৈধ নথি-পত্ৰ হাতত নথকাৰ বাবেই বিশ্বনাথ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে আফগানিস্থানৰ যুৱকক। যুৱক জনৰ নাম জেৰিন মহম্মদ লালাক।বিশ্বনাথৰ পৰা লক্ষীমপুৰ অভিমুখে যাত্ৰী বাহী বাছত যাবলৈ চেষ্টা কৰা সময়তে বিশ্বনাথ চাৰিআলি আৰক্ষীয়ে আটক কৰে যুৱক জনক।যুৱকজনে নিজৰ মোবাইলৰ জৰিয়তে আৰক্ষীক পাছপৰ্ট আৰু ভিছা দেখুৱাইছিল যদিও প্ৰকৃত নথি-পত্ৰ আৰক্ষীক দেখুৱাবলৈ সক্ষম নোহোৱাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱক জনক। ভাৰত তথা অসমৰ ভিন্ন প্ৰান্তত কাপোৰৰ ব্যৱসায় কৰি থকা বুলি অৱগত কৰে যুৱকজনে। উল্লেখযোগ্য যে যোৱা ৪ ডিচেম্বৰ ২০১৮ চনতে ভাৰতত প্ৰৱেশ কৰিছিল এই গৰাকী যুৱকে৷
কিন্তু দীৰ্ঘদিন ধৰি বৈধ্য নথি পত্ৰ বা ভিছা নোহোৱাকৈ আৰক্ষীৰ চকুত ধূলি দি কি দৰে অসমত ঘুৰি ফুৰিবলৈ সক্ষম হৈছিল সেইয়াহে এতিয়া লক্ষণীয় বিষয়। আনহাতে বিশ্বনাথ চাৰিআলি আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি আফগানিস্থানী যুৱক জনক আদালতত হাজিৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।