
নগাঁও , ১৯ ফেব্ৰুৱাৰী , অগণন গুণমুগ্ধক কন্দুৱাই বিশিষ্ট ইছলামীক চিন্তাবিদ আলহাজ হজৰত মৌলানা আব্দুল জলিল চাহাবৰ বৄহস্পতিবাৰে নিশা বাৰ্ধ্যক্যজনিত কাৰণত পৰলোকপ্ৰাপ্তি হয়! ১৯৩০ চনত নগাঁও জিলাৰ শিঙ্গাৰী গাঁৱত জন্ম গ্ৰহণ কৰি আব্দুল জলীল চাহাবে শিঙ্গাৰী মোক্তাৱ বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰি পিছলৈ বদৰপুৰ দেওৰাইল টাইটেল মাদ্ৰাছাৰ পৰা আৰবী বিষয়ত উচ্চ শিক্ষালাভ কৰিছিল ! তেওঁ ৰাজ্যখনৰ এগৰাকী বিশিষ্ট ইছলামীক চিন্তাবিদ, সমাজ সংস্কাৰক , কেইবাখনো ইছলামীক গ্ৰন্থ প্ৰণয়ন কৰাৰ ওপৰিও এমাৰতে শ্বৰীয়াৰৰ জিলা নাইবে ক্বাজীপদত অধিষ্ঠিত হোৱাৰ ওপৰি শিঙ্গাৰী চিনিয়ৰ মাদ্ৰাছাৰ পৰা অধীক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল! তেওঁৰ মৄত্যুত আছু , আমচু , সংখ্যালঘু সংগ্ৰাম পৰিষদৰ লগতে বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেখেতৰ আত্মাৰ চিৰ শান্তি কামণা কৰি শোক সন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰিছে ।