sangbad lahar logo

বিলাসী বাহনত চোৰাংকৈ সৰবৰাহ কৰা অবৈধ অৰুণাচলী সুৰা জব্দ কাকপথাৰ আৰক্ষীৰ ।

কাকপথাৰ আৰক্ষীয়ে খেদি খেদি আটক কৰে, বিলাসী বাহনৰ লগতে বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰাসহ দুই যুৱকক ।

কাকপথাৰৰ গন্ধৈগুৰি হাঁহখাটীৰ পৰা আটক কৰে দুই যুৱক ক্ৰমে দিম্ব সোনোৱাল আৰু ঋতুৰাজ সোনোৱালক । দুয়োজনৰ ঘৰ ডাঙৰী মেগেলা গাওঁত ।

অৰুণাচল প্ৰদেশৰ পৰা AS 23 S 5460 XCENT  নম্বৰৰ চুইফট বাহনেৰে সৰবৰাহ কৰিছিল সুৰাসমূহ ।

বিশেষ সূত্ৰৰ পম খেদি কাকপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নবিন চেতিয়াৰ নেতৃত্বত চলিছিল এই অভিযান  ।

Related Articles