sangbad lahar logo

বিয়ৈ’ৰ সম্পৰ্কৰে বান্ধ খাব অজয় দেৱগন আৰু ছেইফ আলী খান

প্ৰেম, বিবাহ, বিচ্ছেদ তথা আন বহু বিশেষ কাৰণত প্ৰতিদিনে চৰ্চাৰ শীৰ্ষত  থাকে বলীউড । শেহতীয়াকৈ এক নতুন প্ৰেম কাহিনীৰ বাবে পুনৰ চৰ্চালৈ আহিছে ‘বি টাউন’ । হয়, দুই ‘ষ্টাৰ কিড’ৰ মাজত চলিছে এই প্ৰেমৰ সম্পৰ্ক । তেওঁলোক হৈছে ছুপাৰষ্টাৰ অজয় দেৱগনৰ কন্যা নাইছা আৰু ছেইফ আলী খানৰ পুত্ৰ ইব্ৰাহীম আলী খান । নাইছা আৰু ইব্ৰাহিমক এতিয়া প্ৰায়ে একেলগে দেখিবলৈ পোৱা যায় । ছ’ছিয়েল মেডিয়াত সম্প্ৰতি নাইছা আৰু ইব্ৰাহীমৰ এখন বিশেষ ‘ছেলফি’ ভাইৰেল হৈছে । ফটোখনত দুয়োকে অতি ঘনিষ্ঠভাৱে দেখা গৈছে । ফটোখন দুয়োয়ে এটা পাৰ্টীত উঠা ফটো । দুয়োয়ে বৰ ধুনীয়াকৈ হাঁহি থকা এই ফটোখন ছ’ছিয়েল মেডিয়াত ভাইৰেল হোৱাৰ  পাছতে এতিয়া এই সম্পৰ্কক লৈ চৌদিশে গুজৱ উঠিছে । বহু অনুৰাগীয়ে তেওঁলোকৰ এই যুটীটোক অত্যন্ত পছন্দ কৰিছে । একাংশই আনকি তেওঁলোকক বলীউডৰ পৰৱৰ্তী ‘বিগ ষ্টাৰ’ যুটী বুলি সম্বোধন কৰিছে । এই সন্দৰ্ভত অৱশ্যে দুয়োয়ে বৰ্তমানলৈ কোনো মন্তব্য আগবঢ়োৱা নাই । তেওঁলোকৰ এই সম্পৰ্কৰ বিষয়ে পৰিয়ালেও স্পষ্ট কৰা নাই । যাৰ বাবে দুয়োৰে সম্পৰ্কক লৈ বহুতে বহু মন্তব্য কৰিবলৈ বাধ্য হৈছে । আনহাতে, এই সম্পৰ্ক চিৰস্থায়ী হ’লে বলীউডৰ দুই ‘হাই প্ৰফাইল’ পৰিয়াল সম্পৰ্কত বান্ধ খাই পৰিব । হয়, অজয় দেৱগন  আৰু ছেইফ আলী খান হ’বগৈ বিয়ৈ । ইয়াৰ বিপৰীতে কাজল আৰু অমৃতা সিঙ হ’বগৈ বিয়নী ।

Related Articles