বিম্বাশৱদ বজাৰৰ মাত এখন অভিনৱ গ্ৰন্থ-নাম ‘ঐতিহ্য মাধুৰী’।

নলবাৰী জিলাৰ ঐতিহ্যমণ্ডিত ৰামপুৰ বজাৰ কমিটিয়ে বজাৰখনৰ ৬৯ সংখ্যক বজাৰখনৰ বৰ্ষপূৰ্তি উদযাপন উপলক্ষত প্ৰকাশিত এই গ্ৰন্থখনে বুকুত সাৱটি লৈছে বৃহত্তৰ নলবাৰী জিলাৰ ৰামপুৰ অঞ্চলৰ মানুহৰ সাংস্কৃতিক, সামাজিক, ৰাজনৈতিক, সাহিত্য আৰু মানৱীয় মূল্যবোধৰ বাটেৰে অৰ্থনৈতিক জীৱনবোধৰ স্বচ্ছ, স্বাভিমানী স্বাৱলম্বনৰ প্ৰকাশ।
ইংৰাজী ২৫-০৫-২০২৫ তাৰিখে নলবাৰী জিলাৰ পশ্চিম বৰক্ষেত্ৰী মৌজাৰ ৰামপুৰ গোপালধাম প্ৰাঙ্গণত অনুষ্ঠিত হোৱা ৰামপুৰ বজাৰৰ ৬৯ সংখ্যক বাৰ্ষিক অধিবেশনত মই ‘ঐতিহ্য মাধুৰী’ গ্ৰন্থখন উন্মোচন কৰি পৰম সুখ অনুভৱ কৰিলো। জ্ঞানৰ গভীৰতাৰে পুৰঠ সাংস্কৃতিক চেতনাৰে সমুঞ্জ্বল শিক্ষাৰ জ্যোতিৰে স্বাভিমানৰ প্ৰতীক অক্ষয় কুমাৰ মিশ্ৰই নিৰ্দিষ্ট বক্তাৰ ভাষণেৰে বৃহত্তৰ ৰামপুৰৰ মানুহৰ জীৱন, জগত, সাংস্কৃতিক চেতনাবোধ আৰু আমাৰ জাতীয় জীৱনলৈ আহি পৰা বিভিন্ন প্ৰত্যাহ্বানৰ বিষয়ে উল্লেখ কৰি নৱ প্ৰজন্মক মাটি উন্মেষেৰে সচেতন হৈ জাতীয় জীৱনক আগুৱাই নিবলৈ আহ্বান জনায়।
বিশিষ্ট উদ্যোগপতি, অসম গৌৰৱ সন্মানেৰে সন্মানিত অনুপম ডেকাই তেওঁৰ পৰিয়ালৰ সংঘাট, সংঘৰ্ষৰ বাটেৰে অৰ্থনৈতিক স্বাৱলম্বীতাৰ বাটত উদ্যোগৰ গুৰুত্বৰ ওপৰত বৰ্ণনা কৰি ৰাজ্যখনৰ পথাৰ আৰু বজাৰক উপলব্ধি কৰিব পৰাকৈ জনগণক বিশেষকৈ নতুন প্ৰজন্মক আহ্বান জনায়। শ্ৰম অবিহনে অৰ্থনৈতিক স্বাৱলম্বীতাৰ বুনিয়াদ গঢ়িব নোৱাৰি। ইয়াৰ বাবে তেওঁলোকে মঙ্গলদৈত পৃথিবীক প্ৰসাৰী গঢ়ি তোলা বিশাল উদ্যোগিক আৰু ব্যৱসায় প্ৰতিষ্ঠানৰ স্বাভিমানৰ কথা ব্যক্ত কৰে।
লেখক কল্প তালুকদাৰে সম্পাদনা কৰা ‘ঐতিহ্য মাধুৰী’ গ্ৰন্থখনৰ উন্মোচনৰ মুকলি সভাত সভাপতিত্ব কৰে কল্প তালুকদাৰে। সভাত অঞ্চলটোৰ বিভিন্ন জন সমাজ হিতৈষী ব্যক্তিক সম্বৰ্ধনা জনায়।
মবাইলে তথ্য দিব পাৰে, তত্ব দিব নোৱাৰে। আমাৰ অধিকাংশ মানুহেই দিনৰ দিনটো মবাইলত ব্যস্ত থাকে। শ্ৰম বিমুখ জাতিয়ে পৃথিবীত মূৰ তুলি ঠিয় হৈ থাকিব নোৱাৰে। এখন হাতেৰে কৰা কামক কোৱা হয় শ্ৰমিক। দুখন হাতেৰে কৰা কামৰ মানুহক কোৱা হয় কাৰিকৰ। মন আৰু মগজুক সংপৃক্ত কৰি মাটিৰ মৰ্যদাক জীৱন্ত ৰূপেৰে দুহাতেৰে নিৰ্যাস দি মাটিৰ প্ৰতিমাক বাক্ প্ৰতিমালৈ ৰূপান্তৰ কৰা জনেই শিল্পী। আমাৰ জাতীয় জীৱনৰ বৰণ্য পৃষ্ঠভূমি গুৰু শংকৰ, মাধৱ, জ্যোতি ককাইদেউ, বিষ্ণুপ্ৰসাদ ৰাভা, ভূপেন দা, সংস্কৃতিৰ ৰজা বেজবৰুৱা দেৱকে ধৰি অনেক কৃতধী অসমীয়াই সাংস্কৃতিক ভাবেই গঢ়ি গৈছে। এই গঢ়ি যোৱা পৃষ্ঠভূমি নৃ-গোষ্ঠীয় মানুহৰ জীৱন আকাশেৰে সমৃদ্ধ হৈছে অসমীয়া মহাজাতি। নতুনে তেওঁলোকৰ চকুত এই ৰেখাৰ জীৱনবোধক কৰ্ষণ কৰি জাতীয় জীৱনক আগুৱাই নিওঁতে অভিভাৱকসকলে তেওঁলোকৰ সন্তানক নামঘৰ, ৰামায়ণ, মহাভাৰতৰ মৰ্ম কথা নিৰন্তৰ সোঁৱৰাব লাগিব।
মবাইলৰ ব্যাপক অপব্যৱহাৰে অতিসম্প্ৰতি ৰাজ্যখনৰ সৰ্বত্ৰতে এক জঘন্য, ভয়লগা সমাজ এখনৰ গৰ্ভলৈ মানুহক টানিব লাগিছে। প্ৰেমৰ অপমৃত্যু ঘটিছে। পৰকীয়া প্ৰেমৰ বাটেৰে অনেকেই হত্যাক সহজ কৰি তুলিছে। সমাজৰ প্ৰাচীন মূল্যবোধৰ নৈতিক চেতনা মবাইলে প্ৰতিক্ষণতে হৰণ কৰিব লাগিছে। ককা-আজোককাৰ বিনন্দীয়া ভৰিৰ খোজৰ সমাজখনৰ মাটি মৰ্যদাকো মবাইলে প্ৰতি মুহুৰ্ত্ততে নিঃশেষ কৰাৰ প্ৰস্তুতিৰে ধাৱমান হৈছে। মবাইলৰ গৰ্ভত মানুহে পাহৰি পেলাইছে আমাৰ প্ৰাচীন সনাতন সমাজখনৰ কৃষ্ণমাতৰ বিষ্ণু দৰ্শণকো।
ৰামপুৰৰ বজাৰ কমিটিয়ে প্ৰকাশ কৰা গ্ৰন্থখন সম্ভৱতঃ অসমৰ বজাৰসমূহৰ ভিতৰত প্ৰকাশ কৰা প্ৰথম খন গ্ৰন্থ। বজাৰৰ অৰ্থনৈতিক জীৱনে কেনেকৈ আমাৰ জীৱনক অনুশীলন কৰে, অনুবাদ কৰে, কৰ্ষণ কৰে, জীৱনৰ ৰঙক ঐতিহ্যৰ বাটেৰে ঐশ্চৰ্য কৰে ৰামপুৰ বজাৰ ইয়াৰ উজ্জ্বলতম উদাহৰণ। বজাৰখনে অৰ্থনৈতিক বিকাশতেই নিজৰ চাৰিসীমা সীমাৱদ্ধ নকৰি হিন্দু, মুছলমানকে ধৰি বিভিন্ন বিচিত্ৰ জনগোষ্ঠীৰ মানুহৰ সমাবেশেৰে সমন্বয়ৰ চন্দ্ৰাতপ আঁৰিছে এই কথা অসমৰ অন্যান্য প্ৰান্তৰ জীৱন আকাশে নিজৰ জীৱন আকাশ কৰিব পাৰিলে অনুভৱ কৰো অসমৰ গৌৰৱৰ হাঁহিত আৰু এটি উজ্জ্বল হাঁহিৰ সংযোজন ঘটিব।
আমাৰ বিনন্দীয়া জাতীয় মৰ্যদা, সাংস্কৃতিক আৰু সাহিত্যৰ বৈভৱ ভাৰতৰ ভিতৰতেই অনন্য, অদ্বিতীয়, অতুল্য। এই সমাজখন প্ৰায় ছয়শ বছৰ আগতে গঢ়ি গৈছে জগতগুৰু শংকৰ, মাধৱে। আজান ফকিৰৰ জিকিৰৰ সমন্বয়ে ইয়াক ৰামধেনুৰ ৰঙ দিছে। চ্যাওলাং চ্যুকাফাৰ দৃষ্টিনন্দন চেতনাত উদ্ভাসি উঠা সমন্বয়ৰ বৰ অসমখনৰ বুকুত আছে মানুহৰ পৃথিবী। সমাজৰ আকাশ। জীৱনৰ সুষমা। ভ্ৰাতৃত্ববোধৰ চিঙিব নোৱাৰা এনাজৰি। আমি এই সমাজখন জীয়াই ৰাখিব পাৰিলে জ্যোতি ককাইদেউ কোৱাৰ দৰে পৰ্বত পাহাৰৰ পৰা বৈ অহা পানীৰ ঢলে ব্ৰহ্মপুত্ৰক গভীৰ, দ্ৰুত আৰু বিশাল কৰাৰ চেতনাটোৰ মৰ্ম উপলব্ধি কৰিব পাৰিম। সেই চেতনাত প্ৰতিনিয়ত বিম্বাশৱদে আমাৰ চকুক পোহৰাবলৈ যতন কৰা নৃ-গোষ্ঠীয় মানুহৰ অনুপম সংস্কৃতিৰ ঐতিহ্য চেতনাই কেনেকৈ জীৱনৰ ঐশ্বৰ্য হয় এই কথাৰ বিশালতাৰ উশাহ অনুভৱ কৰিব পাৰিম।
এই ধৰণৰ সমাজ এখন বিচাৰিয়েই মই ৰামপুৰৰ মানুহৰ মাজলৈ আহিছো বুলি মোৰ ভাষণত উল্লেখ কৰো।

ডo নন্দ সিং বৰকলা
ভ্ৰাম্যভাষ – ৮৮২২৩-০৩৯০৬