sangbad lahar logo

বিভিন্ন প্ৰান্তৰ লগতে চিলাপথাৰতো ব্যাপক প্ৰস্তূতি ৰাস মহোৎসৱৰ নাটক আখৰাৰ।

সমাগত ৰাস মহোৎসৱ। চৌদিশে ব্যাপক প্ৰস্ততি ৰাস মহোৎসৱ উদযাপনৰ । হিন্দু ধৰ্মাৱলম্বী লোক সকলে পালন কৰে এই পবিত্ৰ ৰাস । শৰৎ কালৰ পূৰ্ণিমা তিথিত আয়োজন কৰা ৰাসলীলা অসমৰ মাজুলীৰ বাবে মুখ্য উৎসৱ । যদিও কেৱল মাজুলীয়ে নহয় ৰাজ্যৰ ভিন্ন ঠাইত উদযাপন কৰা হয় ৰাস। ভক্তিৰসৰ মধুৰ সমন্বয়েই ৰাসলীলা। শৰতকালৰ জ্যোৎস্না প্লাৱিত নিশাত, গোপীসকলক প্ৰেমৰসত আপ্লুত কৰি শ্ৰীকৃষ্ণই যি লীলাৰে বৃন্দাবন উৎফুল্ল কৰি তোলে সেই প্ৰেমলীলাই ৰাস মহোৎসৱৰ প্ৰতিপাদ্য । লক্ষ্মী পূৰ্ণিমাৰ দিনাৰ পৰাই নাটকৰ আখৰা আৰম্ভ কৰি এমহীয়া পৰিক্ৰমাৰ অন্তত উদযাপন হয় এই ৰাস মহোৎসৱ। চিলাপথাৰৰ অকাজানৰ কণ-কণ শিশুৰ পৰা আবাল বৃদ্ধলৈকে সকলো ব্যস্ত শ্ৰীকৃষ্ণৰ ৰাসৰ উদযাপনৰ হেতূ নাটকৰ আখৰা প্ৰস্তত কৰাৰ বাবে । অকাজান আঞ্চলিক শ্ৰীমন্ত শঙ্কৰদেৱৰ কলা কৃষ্টি বিকাশ কেন্দ্ৰ আৰু শ্ৰী শ্ৰী মৈৰামৰা সত্ৰৰ যুটিয়া উদ্যোগত এইবছৰৰ ৪০ সংখ্যক ভগৱান শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ পালন কৰা হ’ব । প্ৰতি বছৰৰ দৰেই এইবছৰতো ক’ভিডৰ সকলো চৰকাৰী নীতি নিয়মৰে মাজেৰে উদযাপন হ’ব ৰাস। সদৌ শেষত, ভিন্ন জাতি জনগোষ্ঠী, দল সংগঠন ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *