sangbad lahar logo

বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ চাউল চুৰি কৰিবলৈ আহি বিপদত পৰিল দুই গভাইত চোৰ । ক’ত সংঘটিত হৈছে এই ঘটনা ? সবিশেষ তলত দিয়া লিংকটোত ।

ঘিলামৰাত দুই গভাইত চোৰক গ্ৰেপ্তাৰ । ঘিলামৰাৰ বিভিন্ন বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ চাউল চুৰিৰ সৈতে জড়িত আছিল দুই চোৰ । চোৰ দুটাৰ সৈতে এক বৃহৎ চক্ৰ জড়িত থকাৰো সন্দেহ কৰা হৈছে । বস্তাই বস্তাই চাউল চুৰি কৰি চক্ৰটোৱে এক প্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছিল অঞ্চলটোত । চুৰ চক্ৰটোৱে ঘিলামৰা টাউন প্ৰাথমিক বিদ্যালয়, ঘিলামৰা বালিকা মজলীয়া বিদ্যালয়কে ধৰি আন আন বিদ্যালয়সমূহতো সঘনে সংঘটিত কৰি আহিছিল চুৰিকাণ্ড । অৱশেষত স্থানীয় একাংশ লোকৰ তৎপৰতাত ধৰা পৰে চোৰকেইটা । মঙ্গলবাৰে পুৱাই ঘিলামৰা লেলুৱনী গাঁৱৰ লীলাৱতী বৰগোহাঁইৰ ঘৰৰ বাৰাণ্ডাত মজুত কৰা চাউলৰ বস্তা নিবলৈ আহোঁতেই ধৰা পৰে জিন্টু গগৈ নামৰ চোৰটো । চাউলৰ বস্তা নিবলৈ অহা জিন্টুক গৃহস্থই চুবুৰীয়া সহ সোধপোচ কৰোঁতেই ওলাই পৰিল উৰহী গছৰ ওৰ আৰু লগে লগে আৰক্ষীক খবৰ দিয়ে ৰাইজে । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘিলামৰা ম’হবল গাঁৱৰ জিন্টু ওৰফে কৌশিক গগৈক গ্ৰেপ্তাৰ কৰাৰ লগতে ঘটনাৰ সৈতে জড়িত থকা তামুলী গাঁৱৰ যুগল কুমাৰ নাথ নামৰ অন্য এটা চোৰকো গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে ।

Related Articles