sangbad lahar logo

বিটিআৰৰ ৰূপহীত নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আগবঢ়ালে কেইবাটাওঁ গুৰুত্বপূৰ্ন মন্তব্য দিলে কেইবাটাও প্ৰতিশ্ৰুতি।

বিটিআৰৰ ৰূপহীত ভবানীপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী ফণীধৰ তালুকদাৰৰ নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আগবঢ়ালে কেইবাটাওঁ গুৰুত্বপূৰ্ন মন্তব্য দিলে কেইবাটাও প্ৰতিশ্ৰুতি। বাথৌ মন্দিৰলৈ চৰকাৰী সাহাৰ্য্য দিয়া হ’ব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। ৰূপহীত উত্তম খেৰকটাৰীৰ স্মৃতিত নিৰ্মাণ কৰা হ’ব সভাগৃহ । নিৰ্মাণ কৰা হ’ব পথ , পহুমাৰাৰ গৰাখহনীয়া কৰা হ’ব‌ ৰোধ। মাইনাও বজাৰত ৩০ খন বিচনাযুক্ত চিকিৎসালয় নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি। আনহাতে বিটিআৰৰ ৰূপহীত নাৰ্চিং কলেজ স্থাপন কৰা হ’ব বুলিয়ো গুৰুত্বপূৰ্ন মন্তব্য আগবঢ়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ১০০ কোটি টকাৰে দখনা আৰু আৰনাই কিনিব অসম চৰকাৰে। ১৫ কোটি টকাৰে হেণ্ডলুম কেন্দ্ৰ স্থাপন কৰা হ’ব বুলিয়ো মন্তব্য তেওঁৰ। ৰূপহী আৰু চমুৱাগাতিৰ মাজত ষ্টেডিয়াম নিৰ্মাণ কৰা হ’ব। ১৫ নবেম্বৰৰ পৰা ১১ লাখ মহিলাক মাইক্ৰফাইনেন্সৰ ঋণ ৰেহাই দিয়াৰ বাবে চেক প্ৰদান কৰিব বুলিয়ো প্ৰতিশ্ৰুতি।অহা এপ্ৰিলৰ পৰা হ’ব অৰুনোদয়ৰ মুল্য বৃদ্ধি।ভবানীপুৰ সমষ্টিত আৰু ৭ হেজাৰ লোকক নতুনকৈ দিব অৰুনোদয়। এনেকুৱা কেইবাটাও গুৰুত্বপূৰ্ন মন্তব্য আগবঢ়াই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *