sangbad lahar logo

বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ পত্ৰত গুৰু আসনৰ প্ৰতিচ্ছবি।মৰিয়নিৰ ভকত বৈষ্ণৱৰ মাজত ক্ষোভ…

অসমীয়াৰ প্ৰাণ স্বৰূপ নামঘৰৰ গুৰু আসনৰ প্ৰতিচ্ছবি বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীয়ে নিৰ্বাচনী প্ৰচাৰত ব্যৱহাৰ কৰাক লৈ মৰিয়নিৰ ভকত বৈষ্ণৱ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।ৰূপজ্যোতি কুৰ্মীয়ে নিৰ্বাচনী প্ৰচাৰৰ বাবে প্ৰস্তত কৰা প্ৰচাৰ পুস্তিকাত গুৰু আসনৰ ছবি সন্নিবিষ্ট কৰাক লৈ সৃষ্টি হৈছে এই প্ৰতিক্ৰিয়াৰ। অসমীয়া জাতীয় জীৱনৰ পবিত্ৰ গুৰু আসন সন্নিবিষ্ট পুষ্টিকাত বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীয়ে নিজৰ লগতে মুখমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম সন্নিবিষ্ট কৰিছে । কিন্তু, এনেদৰে নামঘৰৰ মণিকূট অৰ্থাৎ গুৰু আসন সন্নিবিষ্ট প্ৰতিচ্ছবি সমূহ পথৰ কিনাৰত অনাদৰভাবে পৰি থকাত সচেতন মহলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ! ইপিনে ৰূপজ্যোতি কুৰ্মীৰ এই নিকৃষ্ট কাণ্ডক লৈ এতিয়া মৰিয়নিত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *