sangbad lahar logo

বাসৱৰাজ বোমাই কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী…..

কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ বাসৱৰাজ বোমাইৰ,
ৰাজ্যখনৰ ২৩ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে বাসৱৰাজ বোমাইয়ে,
শপত গ্ৰহণৰ পূৰ্বে বাসৱৰাজে সাক্ষাত কৰিলে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু পূৰ্বৰ মুখ্যমন্ত্ৰী বি এছ য়েডুয়ুৰেপ্পাক,
মুখ্যমন্ত্ৰীত্বৰ দায়িত্ব লৈয়েই বাসৱৰাজে ৰাজ্যখনৰ কোভিড পৰিস্থিতি সন্দৰ্ভত শীৰ্ষ বিষয়াসকলৰ লগত এক বৈঠকত মিলিত হ’ব বুলি জনাইছে,
চলিত সপ্তাহৰ সোমবাৰে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল বি এছ য়েডুয়ুৰেপ্পাই,
ৰাজ্যখনৰ বিজেপি শিবিৰত দীৰ্ঘদিন ধৰি চলি আছিল বিসম্বাদ,
যাৰ পৰিণতিত মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হৈছিল বি এছ য়েডুয়ুৰেপ্পা।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *