sangbad lahar logo

বালিজুৰি যুৱ সংঘৰ সৌজন্যত স্বৰ্গীয় গোপাল চন্দ্র দাস দেৱৰ সোঁৱৰণী বটাঁ স্বৰ্গীয় নৰহৰি শইকীয়া ফুটবল খেলৰ আজি শুভাৰম্ভ কৰা হয় ।

আজি নগাঁও জিলাৰ ৰহা সমষ্টিৰ অন্তৰ্গত কমাৰগাওঁ পঞ্চায়তৰ অন্তৰ্গত বালিজুৰি আঞ্চলিক খেল পথাৰত বালিজুৰি যুৱ সংঘৰ সৌজন্যত স্বৰ্গীয় গোপাল চন্দ্র দাস দেৱৰ সোঁৱৰণী বটাঁ স্বৰ্গীয় নৰহৰি শইকীয়া ফুটবল খেলৰ আৰম্ভণি কৰা হয় । শ্ৰী অভিজিৎ ৰংহাং , অমৰ ইংজাই আৰু হানিফ চৌধুৰীয়ে আঁতধৰা খেলখনৰ মুখ্য অতিথি হিচাপে চাপৰমুখ গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি শ্ৰী জনাৰ্দন শইকীয়া,  কুমাৰ গাওঁ বিজেপিৰ মণ্ডলৰ সভাপতি ভাস্কৰ পাতৰ,  যুৱ নেতা ক্ষীৰুদ লস্কৰ, বিজেপিৰ যুৱ মৰ্চাৰ সভাপতি চিমন্ত দেউৰী,  খেলখনৰ সভাপতি আব্দুল কাদিৰ, খেলখনৰ কাৰ্যকৰী সভাপতি আমিনুল হক,  খেলখনৰ সম্পাদক ৰহমত উল্লাহ, আব্দুল বাৰেক, আব্দুল হাচিম, হানিফ চৌধুৰী, ইছৰাফিল আলম, লোকমান আলী, এমৰান আলী, জাবেদ আলীকে প্ৰমুখ্যে কৰি নগাঁও জিলাৰ বিউৰুচিফ তথা সদৌ অসম সাংবাদিক মঞ্চৰ ( কেন্দ্রীয় সমিতি) ৰ উপ সভাপতি এহিয়া আহমেদ আৰু নগাঁৱৰ সাংবাদিক প্ৰাঞ্জল নাথ উপস্থিত থাকে । আজিৰ খেলখন  দুটা শক্তিশালী দলৰ মাজত অনুষ্ঠিত হয় । দল দুটা ক্ৰমে ডাবলংআটি 7 Star  বনাম ডুগৰু বালিজুৰি FC। ১- ০ গলৰ ব্যৱধানত ডাবলংআটি 7 Star  দলে জয়ী লাভ কৰে । ২০ হাজাৰ টকাৰ প্ৰাইজমানি খেলৰ আজি প্ৰথমখন খেল অনুষ্ঠিত হয় । বিজয়ী দলক ২০ হাজাৰ টকা নগদ আৰু ট্ৰফী প্ৰদান কৰিব বুলি খেলখনৰ পৰিচালনা সমিতিয়ে সাংবাদিকক জানিবলৈ দিয়ে ।

Related Articles