বায়ু প্ৰদুষণ,জল প্ৰদুষণৰ ৰম্যভূমি এতিয়া সাতপখলীৰ মালিপাৰা অঞ্চল…

বায়ু প্ৰদুষণ,জল প্ৰদুষণৰ ৰম্যভূমি এতিয়া সাতপখলীৰ মালিপাৰা অঞ্চল ৷দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ সাতপখলীৰ মালিপাৰা পথাৰত গঢ় লৈ উঠা উদ্যোগ- প্ৰতিষ্ঠান সমূহৰ জাৱৰ – যথৰৰ লগতে বিষাক্ত ৰাসয়নিক দ্ৰব্য সমূহ নলা সমূহৰ জৰিয়তে বাথা নৈত পেলাই,যাৰফলত বিস্তৰ ক্ষতিসাধন জীৱকুল আৰু পশুধনৰ ৷

লগতে ৰাষ্টাৰ কামত ব্যৱহৃত হোৱা সামগ্ৰী বনোৱা কোম্পানীৰ পৰা ওলোৱা ধোৱাৰ ফলত বহুত লোকৰ হৃদপিণ্ড ৰোগত আক্ৰান্ত হোৱাৰ লগতে বহুতো অন্য -অন্য ৰোগত ভুগিব লগা হৈছে অঞ্চলবাসী ৷বিয়াগোম প্ৰদুষণ বিভাগ এটা থকাৰ পাছতো কোনো কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷এই সমস্যাটোৰ সমাধান বিচাৰি অঞ্চলবাসী ওলাই আহি দুখ প্ৰকাশ কৰি সমস্যাৰ সমাধান বিচাৰি এনেদৰে কয়,পৰৱৰ্তীসময়ত এই কোম্পানী সমূহৰ বিৰুদ্ধে চৰকাৰ তথা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে লক্ষণীয় হব