
দৈনন্দিন জীৱনত আমি নানান ঘটনা পৰিঘটনা আৰু অভিজ্ঞতাৰ মূখামূখী হওঁ কিন্তু সেই ঘটনা পৰিঘটনা বা অভিজ্ঞতাই আমাৰ মনত খুউব কম সময়ৰ বাবেহে ৰেখাপাত কৰে ৷ বিশ্বায়ণৰ এই গতিশীল আৰু যান্ত্ৰিক যুগত আমি ইমানেই ব্যৱহাৰিক আৰু স্বাৰ্থপৰ হৈ পৰিছো যে নিজ স্বাৰ্থত আঘাত নপৰা কোনো সামাজিক বা বাহ্যিক ঘটনাই আমাৰ জীৱনত স্থায়ী প্ৰভাৱ পেলাব নোৱাৰা হৈছে ৷ অথচ এই আমাৰ মাজৰেই কিছুমান বিশেষ ব্যক্তিৰ জীৱনৰ কেতবোৰ সৰু সৰু ঘটনাই কেবল তেওঁলোকতেই সীমাবদ্ধ নাথাকি সমগ্ৰ সমাজ খনলৈ লৈ আনিছে যোগাত্মক তথা ইতিবাচক পৰিবৰ্তণ ৷
দক্ষিণ কৰ্ণাটকৰ নিউ পাডাপি, উন্নয়নৰ পৰা বহু যোজন পিছ পৰি থকা অঞ্চল ৷ শিক্ষাৰ প্ৰসাৰৰ নামত স্থানীয় মছজিদত চেগাচোৰোকাকৈ এবেলা চলা এখন প্ৰাক প্ৰাথমিক বিদ্যালয় ৷ কৰ্ণাটকৰ এই নিউ পাডাপি অঞ্চলৰে হাৰেকালা হাজাবা, মাংগালোৰ চহৰৰ এজন সাধাৰণ ফল বিক্ৰেতা ৷ সহজ সৰল সাধাৰণ নৈষ্ঠিক মুছলমান এই হাৰেকালা হাজাবাই এইবছৰৰ গণৰাজ্য দিৱসত লাভ কৰিছে ভাৰতবৰ্ষৰ চতুৰ্থ শ্ৰেষ্ঠ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা ৷
এই সহজ সৰল মানুহজনে কিয়নো লাভ কৰিলে সন্মানীয় পদ্মশ্ৰী বঁটা? বহুতৰে বাবে আচৰিত লগা হলেও মাংগালোৰৰ এই দৰিদ্ৰ ফল বিক্ৰেতা জনে বহু শিক্ষিত আৰু বিত্তবান মানুহে সচৰাচৰ চিন্তাৰ পৰিসৰৰ পৰা আতৰত ৰখা সাধাৰণ অথচ প্ৰাসংগিক কাম এটাকেই আন্দোলন বা বিপ্লৱৰ ৰূপ দিছে ৷
“পথৰ দাঁতিত কমলা বিক্ৰী কৰি থাকোতে এহাল বিদেশী পৰ্য্যটক আহিছিল, তেওঁলোকে মোৰ কমলাৰ দাম জানিব বিচাৰিছিল ৷ মই যথেষ্ট চেষ্টাৰ পিছতো তেওঁলোকক দাম বুজাব নোৱাৰিছিলো কাৰণ মই স্থানীয় টুলু আৰু বেয়াৰী ভাষাৰ বাহিৰে আন একো ভাষা নাজানিছিলো ৷ মোৰ ভাব বিনিময়ত সন্তুষ্ট হব নোৱাৰি বা বুজি নাপাই পৰ্য্যটক দুজন গুছি গৈছিল ৷ সেই দিনা মই নিজৰ অশিক্ষিত হোৱাৰ বাবে লজ্জিত হৈছিলো, ঘৰলৈ আহি ভাবিছিলো মোৰ সন্তানে যাতে এনেকুৱা অস্বস্তিকৰ পৰিস্থিতিত নপৰক, সিহঁত শিক্ষিত হওঁক আৰু সেইবোৰ ভাষাও জানক যিবোৰৰ ভাব প্ৰকাশ সাৰ্বজনীন আৰু বহুতক এক কৰি ধৰে ৷”
ফল বিক্ৰেতা হাজাবাই কথাবোৰ ভাবি বা আপচোচ কৰিয়ে নিজকে সীমাবদ্ধ নাৰাখিলে, নিজৰ সাহসেৰে মাংগালুৰু চহৰৰ ওচৰৰ নিউপাদাপু মচজিদত ৰাইজৰ দান বৰঙনিৰে কোনোমতে চলি থকা বিদ্যালয় এখনক পূৰ্ণাংগ ৰূপ দিয়াত আগবাঢ়িলে ৷
ওচৰ চুবুৰীয়া সকলক পৰবৰ্তী প্ৰজন্মৰ বাবে শিক্ষাৰ মূল্য বৰ্ণোৱাতে সীমাবদ্ধ নাৰাখি নিউপাডাপু মচজিদৰ বিদ্যালয়খনত নিজকে উচৰ্গা কৰিলে সহজ সৰল মানুহজনে, জ্ঞানৰ মন্দিৰ বিদ্যালয়ৰ ভিতৰ বাহিৰ দৈনিক পৰিস্কাৰ কৰা আদি অন্যান্য কামবোৰো তেওঁ নিজেই কৰিছিল ৷
“দিল্লীৰ কেন্দ্ৰীয় চৰকাৰৰ পৰা মোলৈ ফোন কৰিছিল, এইবাৰো মই ইতস্তত: হৈছিলো কাৰণ মই হিন্দী বুজি নাপাওঁ আৰু কেন্দ্ৰীয় চৰকাৰৰ গৃহবিভাগৰ তৰফৰ পৰা মোক হিন্দী ভাষাতেই ফোন কৰিছিল ৷ পিছত একেটা ফোন জিলা পঞ্চায়তৰ কাৰ্য্যালয়লৈ অহাত হে মই বুজিছিলো মোক পদ্মশ্ৰী বঁটাৰ বাবে মনোনীত কৰা বুলি”

হাজাবাৰ প্ৰচেষ্টাৰ আন এক গুৰুত্বপূৰ্ণ বিষয়টো হল তেওঁৰ নেৰা নেপেৰা নিৰলস স্থিতি ৷ সাধাৰণতে মানুহে ভাল কাম এটা কৰে কিন্তু সেই কাম সাৰ্থক হোৱাৰ পিছতে সকলোৱে পুনৰ নিজৰ নিজৰ কাম কাজৰ মাজত ব্যস্ত হৈ পৰে ৷ হাজাবা কিন্তু ইয়াৰ সম্পূৰ্ণ বিপৰীত, স্থানীয় মচজিদৰ বিদ্যালয় খনত নিজৰ উপাৰ্জণ দান কৰা বা চাফ চিকুণৰ কাম কিনিতে সীমাবদ্ধ নিজ অঞ্চলৰ পৰা ২৫ কিলোমিটাৰ দূৰৈৰ দক্ষিণ কাণাড়া জিলা প্ৰশাসনৰ কাৰ্য্যালয়লৈ নিয়মিত তাঁত বাতি কাঢ়িছিল বিদ্যালয়ৰ প্ৰয়োজনীয় সুবিধা বিচাৰি ৷
হাজাবাৰ নিৰলস প্ৰচেষ্টাৰ ফলতেই দক্ষিণ কাণাড়া জিলা প্ৰশাসনে নিউ পাডাপু অঞ্চলত 2008 চনত নতুনকৈ চৈধ্য খন উচ্চ প্ৰাথমিক বিদ্যালয়ৰ জন্ম দিয়ে ৷ হাজাবাক “আখৰৰ দূত” বুলি ৰাইজে পিছলৈ সম্বোধিত কৰিবলৈ আৰম্ভ কৰে ৷
“পদ্মশ্ৰী বঁটাৰ সপোন দেখাও নাছিলো আৰু ভবাও নাছিলো আছলতে, আমাক এতিয়া বিদ্যালয়ৰ লগতে মহাবিদ্যালয় হে লাগে ৷”
নিজৰ অঞ্চলত বিদ্যালয় স্থাপন হোৱাৰ পিছতো হাজাবাৰ শিক্ষা বিস্তাৰৰ এই বৈপ্লৱিক চেতনা সীমাবদ্ধ হোৱা নাই ৷ হাজাবাই বিচাৰিছে তেওঁৰ অঞ্চলত কলেজ এখন হোৱাটো কাৰণ ওচৰে পাজৰে কলেজত নথকাত লৰা ছোৱালী বোৰে দশম মানৰ চুড়ান্ত পৰীক্ষা উত্তীৰ্ণৰ পিছতে শিক্ষা জীৱনৰ অন্ত পেলায় ৷
স্থানীয় জনতাৰ বাবে দেবদূত সদৃশ হাজাবাৰ অনুপ্ৰেৰণামূলক জীৱন শৈলী মেংগালুৰু বিশ্ববিদ্যালয়ৰ স্নাতক শ্ৰেণীৰ পাঠ্যক্ৰমত অন্তভূৰ্ক্ত কৰা হৈছে ৷
হাৰেকালা হাজাবাই তেওঁৰ জীৱনৰ বিশটা বছৰ আৰু এই বিশ বছৰে কমলা বিক্ৰী কৰি পোৱা দৈনিক লাভৰ সাঁচতীয়া অংশৰে শিক্ষা আৰু উন্নয়নৰ পৰা সত যোজন দূৰত পৰি ৰোৱা নিজ গাওঁ নিউ পাডাপু অঞ্চলৰ প্ৰতিজন শিশুৱে শিক্ষিত হোৱাৰ লক্ষ্যৰে নিৰলস শিক্ষা বিস্তাৰৰ যি গ্ৰাম্য বিপ্লৱৰ সূচনা কৰিছে তাৰবাবেই ২০০৪ চনত কাণাড়া প্ৰভা বাতৰি কাকতে “বৰ্ষটোৰ ব্যক্তি” আৰু ২০০৯ চনত CNN-IBN “ৰিয়েল হিৰো” ৰে সন্মানিত কৰা হাৰেকালা হাজাবাৰ শিক্ষা বিস্তাৰৰ এই বিপ্লৱে ইতিমধ্যে কৰ্ণাটকৰ ভিতৰুৱা অঞ্চলবোৰত ব্যাপক জনপ্ৰিয় ৰূপত বিয়পি পৰিছে ৷ আহকছোন এবাৰ নিজকে প্ৰশ্ন কৰো “উপাৰ্জণ আমি সকলোৱে কৰিছো কিন্তু বহল আৰু ব্যাপক সামাজিক প্ৰেক্ষাপটত কিবা এটা কৰিছো অথবা ভাবিছো নে?”