
বৰাকৰ চৰকাৰী হৰ্ডিংত অসমীয়া ভাষা ব্যৱহাৰ কৰাৰ বাবে ক’লা ৰং সানিছিল। শিলচৰ ৰে’ল ষ্টেচন, আই এছ বি টিত জল জীৱন আঁচনিৰ পোষ্টাৰত সানিছিল ক’লা ৰং। ইয়াৰ পাছতে সমগ্ৰ ৰাজ্যতে সৃষ্টি হৈছিল প্ৰতিবাদ। প্ৰতিবাদৰ অন্তত সমৰ দাস আৰু ৰাজু দেৱক আটক কৰিছিল কাছাৰ আৰক্ষীয়ে কিন্তু ৪৮ ঘণ্টা নৌহওতেই বৃহস্পতিবাৰে জামিনত মুক্তি লাভ কৰে দুয়ো গৰাকী নেতাই।