
বাক্সা জিলাৰ জালাহ মিনি ষ্টেডিয়ামত জালাহ ৰাইজিং চাপোর্ট ক্লাৱৰ উদ্যোগত আজি এখন প্ৰদৰ্শনীমূলক মহিলা ফুটবল খেল অনুষ্ঠিত হৈ যায়। আকৰ্ষণীয় এই মহিলা ফুটবল খেলখনত নলবাৰী এফ চি দলে বাক্সা জিলাৰ বৰমা এফ চি দলক “৩-২” গলৰ ব্যৱধানত পৰাজিত কৰি বিজয়ৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়। অতি উত্তেজনা মূলক খেল খনত প্ৰথমাৱস্থাত নলবাৰী এফ চি দলে বৰমা এফ চি দলক ৩ গল দিয়ে যদিও বৰমা এফ চি দলে খেলৰ শেষ সময়ত ২ গল পৰিশোধ কৰিবলৈ সক্ষম হয়।