Skip to content
বাইহাটা চাৰিআলি থানাত গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস পালন
Home - Local News - বাইহাটা চাৰিআলি থানাত গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস পালন
বাইহাটা , ২৯ জানুৱাৰী– বাইহাটা চাৰিআলি থানাত শুক্ৰবাৰে সদৌ অসম গাঁওৰক্ষী সংগঠনৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ৷ গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শুক্ৰবাৰে বাইহাটা চাৰিআলি থানা চৌহদত অসম গাঁওৰক্ষী সংগঠনৰ প্ৰতিষ্ঠাপক হৰিনাৰায়ণ বৰুৱাৰ প্ৰতিচ্ছবিত বন্ত্বি প্ৰজ্জ্বলন কৰে বাইহাটা চাৰিআলি থানা গাঁওৰক্ষী বাহিনীৰ সভাপতি যতীন কলিতাই ৷ গাঁওৰক্ষী বাহিনীৰ থানা উপদেষ্টা সমিতিৰ সম্পাদক জগদীশ ডেকাই পৰিচালনা কৰা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত হৰিনাৰায়ণ বৰুৱাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপম হাজৰিকা, উপপৰিদৰ্শক ৰাজীৱ শইকীয়া,আনোৱাৰ হুছেইন আৰু ৰাজকুমাৰ সোনোৱাল প্ৰমুখ্যে বাইহাটা চাৰিআলি থানা এলেকাৰ গাঁওৰক্ষী বাহিনীৰ একাংশ সদস্যই ৷ প্ৰতিষ্ঠা দিৱসৰ এই অনুষ্ঠানতে বাইহাটা চাৰিআলি থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে আৰক্ষী আৰু জনসাধাৰণৰ সম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰত গাঁওৰক্ষী বাহিনীয়ে পালন কৰি অহা ভূমিকাৰ শলাগ লয়
1 Comment