sangbad lahar logo

বাইহাটাৰ পৰা ৩১নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গুৱাহাটীলৈ আহে নেকি? সাৱধান হওক …

উত্তৰ–পূবৰ দুৱাৰমুখৰ অন্যতম ৰাষ্ট্ৰীয় ঘাইপথ হ’ল ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ। আপুনি বাৰু এই ৩১নং ৰাষ্ট্ৰীয় ঘাইপথেৰে চলাচল কৰে নেকি? যদি মটৰ চাইকেল বা সৰু চাৰিচকীয়া বাহনেৰে ৩১নং ৰাষ্ট্ৰীয় ঘাইপথেৰে চলাচল কৰে তেন্তে সাৱধান হওক! কিয়নো ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ কেন্দুকোনাৰ পৰা আমিনগাঁৱলৈ যিকোনো সময়তে সংঘটিত হ’ব পাৰে দুৰ্ঘটনা।
বাইহাটা চাৰিআলিৰ মাজেৰে যোৱা ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ এতিয়া হৈ পৰিছে মৰণফান্দ। বাইহাটা চাৰিআলি অঞ্চলৰ কেন্দুকোনাৰ পৰা আমিনগাঁৱলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আৰু ডিভাইডাৰৰ মাজত এতিয়া ঘন জংঘলে আৱৰি ধৰিছে। যেন গৰু–ছাগলী এৰাল দিব পৰা ঘাহনি বাৰী। এইঘন জংঘলৰ মাজত চৰি থকা গৰু বা ছাগলী হঠাৎ ৰাষ্ট্ৰীয় ঘাইপথলৈ ওলাই দৌৰ মৰাৰ ফলত বিভিন্ন সময়ত বহুটো দুৰ্ঘটনা সংঘটিত হৈ আহিছে।
ইতিপূৰ্বে দুৰ্ঘটনাত পতিত হৈ বহু লোকৰ প্ৰাণহানি হোৱাৰ লগতে বহুলোক চিৰদিনৰ কাৰণে পংগু হ’বলগীয়া হৈছে। এক কথাত ক’বলৈ গলে নিতৌ এই ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা সংঘটিত হৈ থাকে। তথাপিও যেন কাণসাৰ নাই ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধীকৰণৰ।আনহাতে, এই ৩১নং ৰাষ্ট্ৰীয় ঘাইপথতে আছে মদনপুৰ টোলগে’ট। দিনে–নিশাই কৰি আহিছে জনসাধাৰণৰ পৰা টোল সংগ্ৰহ। যিহেতু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধীকৰণে ৰাষ্ট্ৰীয় ঘাইপথেৰে চলাচল কৰা বাহনসমূহৰ পৰা টোলগেট স্থাপন কৰি টোল সংগ্ৰহ কৰে, সেয়ে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধীকৰণে এই জংঘলবোৰ চাফা কৰি পথাচাৰীক চলাচলত সুবিধা প্ৰদানৰ দাবী জনাই স্থানীয় লোকসকলে।
আনফালে, টোলগেটৰ পৰা ৬০ কিঃমিঃ দূৰত্বলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ দায়িত্ব টোলগে’টৰ ওপৰত ন্যস্ত থাকে, সেয়ে অনতি পলমে ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত গজি উঠা এই ঘন জংঘল সমূহ আঁতৰোৱাৰ দাবী জনাই ৰাইজে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *