
ৰাজ্যত পুনৰ কোভিডৰ আতংক।দৈনিক বৃদ্ধি পাব ধৰিছে কোভিডত আক্ৰান্তৰ হাৰ।সুদীৰ্ঘ ২০ মাহৰ পিছত খুলিবলৈ লোৱা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেবাখনো স্কুলৰ ছাত্ৰ-ছাত্ৰী কোভিডত আক্ৰান্ত হোৱা দেখা গৈছে।বাইহাটাৰ নিকটৱৰ্তী দগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়টো দেখা গ’ল অনুৰূপ দৃশ্য।দশম শ্ৰেণীৰ ছাত্ৰ ৰাজীৱ ডেকাৰ দেহত ধৰা পৰে কোভিডৰ উপস্থিতি।স্বাস্থ্য বিভাগৰ লগত যোগাযোগৰ অন্ততঃ ৰঙিয়াৰ পৰা অহা এটি চিকিৎসা কৰ্মীৰ দলেই স্কুলখনৰ আটাইবোৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী সকলৰ কোভিড টেষ্ট কৰে।এতিয়া এনেদৰে স্কুলীয়া লৰা-ছোৱালী কোভিডত আক্রান্ত হোৱাৰ পিছত চিন্তিত হৈ পৰিছে অভিভাৱকসকল।