
জুৰীয়াৰ পাম কালিয়াডিংগাৰ হাফিজুল ইছলাম নামৰ যুৱকজন বিগত ১৭ ধৰি নিৰুদ্দেশ হৈ আছে । পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি ২১ বছৰীয়া হাফিজুল ইছলাম প্ৰায় আট মাহ আগত কেৰেলাৰ গৈছিল কৰ্মৰ সন্ধানত।
জানিব পৰা মতে, কিছু দিন প্লাইয়োড কোম্পানীত কাম কৰাৰ পাছত ঘৰৰ ৰং কৰা কামত নিয়োজিত হৈছিল। যোৱা ১০ মে’ৰ পৰা নিখোঁজ হৈ আছে হাফিজুল ইছলাম। ১৭ দিন পাৰ হৈ যোৱাৰ পাছতো হাফিজুল ইছলামৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই পৰিয়ালৰ লোকে। ঘটনা সন্দৰ্ভত ইতিমধ্যে পৰিয়ালৰ লোকে জুৰীয়া আৰক্ষীৰ লগত যোগাযোগ কৰে যদিও জুৰীয়া আৰক্ষীৰ পৰা কোনো সহাৰি নোপোৱাৰ অভিযোগ। কোনো ব্যক্তিয়ে হাফিজুল ইছলাম নামৰ যুৱকজনৰ কোনো সম্ভেদ পায় ওচৰৰ আৰক্ষী অথবা ৮৪৫৩৫০৩৭০৪ নম্বৰত পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।