sangbad lahar logo

বহিৰাজ্যত কাম কৰিবলৈ গৈ অকাল মৃত্যুক সাৱটিলে এগৰাকী ২৭বছৰীয়া যুৱকে।

নিউজ ডেস্ক : বহিৰাজ্যত কাম কৰিবলৈ গৈ অকাল মৃত্যুক সাৱটিলে বাক্সা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ছিল্কীঝাৰৰ এগৰাকী 27 বছৰীয়া যুৱকে।

আৰ্থিক দন্যতাৰ বাবে মুম্বাইস্থীত চিচেগা এন্টাৰপ্ৰাইজ নামৰ এটা ব্যক্তিগত কোম্পানিত প্ৰায় ছমাহ পূৰ্বে কাম কৰিবলৈ গৈছিল পংকজ কলিতা,
যোৱা নিশা কৰ্মৰত অৱস্থাত বুকুত এটা কাৰ্টুনৰ খুন্দা খাই অকাল মৃত্যুক সাৱটিলে হলাধৰ কলিতাৰ তৃতীয় পুত্ৰ, সুলক্ষা কলিতাৰ স্বামী পংকজ কলিতাই।
তেওঁ চিৰদিনৰ বাবে এৰি যায় দুবছৰীয়া পুত্ৰ জুমন কলিতা, পত্নী সুলক্ষা কলিতা, মাতৃ ৰেণু কলিতা, লগতে তিনিজন কৈ ভাই-ককাইৰ লগতে আত্মীয় স্বজন।

বহিৰাজ্যৰ একাংশ কোম্পানীৰ গুৰুত্বহীনতাৰ বাবে বহু লোকে প্ৰান হেৰুৱাব লগীয়া হৈছে,আনহাতে তেওঁৰ নিজ ভাতৃ দ্বিগম কলিতাৰ সৰলতাৰ সুযোগ লৈ এখন উকা দলিলত চহী লৈ পচিশ হাজাৰ টকা দি মৃতদেহটো বিমানযোগে পঠাই দিয়ে, এই কৰ্মক ধিক্কাৰ দিছে স্থানীয় ৰাইজে, আগন্তুক সময়ত চিচেগা এন্টাৰপ্ৰাইজ নামৰ কোম্পানীটোৰ বিৰুদ্ধে আইনৰ কাষ চাপিব স্থানীয় ৰাইজে লগতে ৰঙীয়া সমষ্টিৰ বিধায়ক তথা বৰ্তমানৰ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতালৈ এক সু বিচাৰ কৰি দিয়াৰ বাবে আহ্বান জনাইছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *