ব’হাগ বিহুলৈ মাজত মাত্ৰ এটা মাহ বাকী। সমগ্ৰ অসমৰ লগতে আছুৰ উদ্যোগত খেৰজান গ্ৰাম্যাঞ্চলত বিহু নাচৰ আখৰা…..

আছুৰ উদ্যোগত খেৰজান গ্ৰাম্যাঞ্চলত বিহু নাচৰ আখৰা। ব’হাগ বিহুলৈ মাত্ৰ এটা মাহ। তেনে সময়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিহু নাচ আৰু ঢোল বাদনৰ আখৰা দেখিবলৈ পোৱা গৈছে।

এই ক্ষেত্ৰত পিছপৰি থকা নাই ডিগবৈ সমষ্টিৰ খেৰজান আৰু ঢেকীয়াজান গ্ৰাম্যাঞ্চল।খেৰজান ঢেকীয়াজান বৃহত্তৰ অঞ্চলৰ শাখা ছাত্ৰ সন্থাৰ উদ্যোগত আখৰা চলিছে খেৰজান বিহু মঞ্চত।

যোৱা ১৫ মাৰ্চত আৰম্ভ কৰা বিহু নাচৰ আখৰা অহা ২৬ মাৰ্চত অন্ত পৰিব। বিহু নাচ আখৰাত অৰ্ধশতাধিক শিশু আৰু কিশোৰৰী যোগদান কৰিছে।বৰ বিহুৱতী সুকন্যা হাজৰিকাই বিহু নাচৰ প্ৰশিক্ষণ আগবঢ়াইছে আৰু ঢোলত সহযোগিতা আগবঢ়াইছে মাধুৰ্য গগৈয়ে।