
নিউজ ডেস্ক : আজি এক মাংগলিক অনুষ্ঠানৰ মাজেৰে ঐতিহ্য বিজড়িত ধৰ্মীয় স্থান বশিষ্ঠাশ্ৰম দেৱালয়ৰ পুনৰ্নিৰ্মিত সভাগৃহৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ৱ শৰ্মাই । বিশিষ্ট সমাজকৰ্মী অনুপম শৰ্মা আৰু প্ৰাগ নিউজৰ স্বত্বাধিকাৰী ডঃ সঞ্জীৱ নাৰায়ণে এই সভাগৃহ পুননিৰ্মানৰ উদ্যোগ গ্ৰহণ কৰিছে।

তদুপৰি বশিষ্ঠ ভূতনাথ শ্মশান কালী মন্দিৰ চৌহদত ডঃ সঞ্জীৱ নাৰায়ণে নতুনকৈ নিৰ্মাণ কৰা উদ্যানখনৰো উদ্বোধন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। দুয়োগৰাকী বিশিষ্ট সমাজকৰ্মীৰ এই পদক্ষেপৰ শলাগ লোৱাৰ লগতে তেখেতসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে হিমন্ত বিশ্ব শৰ্মাই।

ধৰ্মীয় আৰু ঐতিহাসিক দিশৰ উপৰি মঠ-মন্দিৰসমূহ হৈছে অসমৰ সাংস্কৃতিক ঐতিহ্যৰ এক পৰিচয়। এই মঠ-মন্দিৰসমূহৰ সংৰক্ষণ আৰু সংবৰ্ধন অতী প্ৰয়োজনীয়। ৰাজ্য চৰকাৰে এই দিশত যাৱতীয় পদক্ষেপ গ্ৰহণ কৰি যাব। বশিষ্ঠাশ্ৰম দেৱালয়ত ধৰ্মীয় পৰ্যটনৰ সহায়ক হোৱাকৈ আন্তঃগাঁথনি নিৰ্মাণৰ পৰিকল্পনা চৰকাৰে ইতিমধ্যে যুগুত কৰিছে বুলি মন্তব্য আগবঢ়াই মুখ্যমন্ত্ৰী গৰাকীয়ে। উল্লেখ্য যে, এই মাংগলিক অনুষ্ঠানত মুখ্যমন্ত্ৰী গৰাকীৰ সৈতে উপস্থিত থাকে সহধৰ্মিনী ৰিণিকি ভূৃঞা শৰ্মা।
