
বলীউডৰ জনপ্ৰিয় কন্ঠশিল্পী কে.কে. ওৰফে কৃষ্ণ কুমাৰ কুন্নাথ আৰু এই জগতত নাই,কলকাতাৰ এক মঞ্চত “কাল হম ৰাহে কি না ৰাহে” গীত পৰিবেশনৰ পিছত অসুস্থ হৈ দেহাৱসান জনপ্রিয় কন্ঠশিল্পী গৰাকীৰ। সমগ্ৰ ৰাষ্ট্ৰীয়,আন্তৰাষ্ট্ৰীয় সংগীত জগতত ব্যাপক পৰিছে শোকৰ ছাঁ। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ তদন্তৰ ঘোষণা আৰু ৰাজ্যিক মৰ্যাদাৰে শেষ পুষ্প মাল্যাঅৰ্পণ।সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল তথা অসমতো সংগীত ক্ষেত্রত পৰিছে তীব্ৰ শোকৰ ছাঁ।
তেওঁ গীত গাই থকা অৱস্থাত ক্ৰমান্বয়ে হৈ পৰিছিল অসুস্থ। পিছত তেওঁ অনুষ্ঠানৰ পৰা তেওঁক আঁতৰাই আনি জিৰণি ল’বলৈ দিয়া হৈছিল ।আৰু তাতেই ঢলি পৰি মৃত্যুক আকোঁৱালি ল’লে শিল্পী গৰাকীয়ে।
ইফালে প্ৰাপ্ত খবৰ অনুযায়ী কলকাতাৰ উক্ত অনুষ্ঠানত কে.কে.গীত গাবলৈ অহাৰ কথা জানিব পাৰি প্ৰায় দহ সহস্ৰাধিক লোক উপস্থিত হৈছিল।
কিন্তু উক্ত স্থানত আসন আছিল মাত্ৰ তিনিহাজাৰ পাঁচশ আসন ফলত অতি মাত্ৰা গৰমত থাকিব নোৱাৰি কোনো লোকে জুই নুমুওৱা ফায়াৰ ইংচ গেছ স্প্ৰে কৰিছিল ।

ইফালে কে.কে মঞ্চত “কাল হম ৰাহে কি না ৰাহে” শীৰ্ষক গীতটো গোৱাৰ পিছতেই অসুস্থ হৈ পৰে।কিন্তু তেওঁক জিৰণি লবলৈ দিয়াৰ পৰিৱৰ্তে যদি চিকিৎসালয়ত নি চিকিৎসাৰ ব্যৱস্থা কৰিলেহেঁতেন তেনেহ’লে শিল্পী গৰাকী হয়তো আমাৰ মাজত থাকিলহেঁতেন বুলি এতিয়া আন এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।
উল্লেখযোগ্য ৫৩ বছৰ বয়সত অকাল মৃত্যুবৰণ কৰা কে.কে. “পল” নামৰ এখন এলবামৰ জৰিয়তে জনপ্ৰিয় হৈ অহাৰ লগতে সংগীত জগতত প্ৰৱেশ কৰে।
আৰু এতিয়ালৈকে কে.কে.প্ৰায় ৩৫হেজাৰৰ অধিক গীত পৰিৱেশন কৰি ভাৰতৰ সংগীত জগতৰ লগতে কোটি-কোটি যুৱক-যুৱতীৰ অতি জনপ্ৰিয় হৈ পৰিছিল।
আৰু বিগত ৯০দহকত সংগীত জগতত প্ৰৱেশ কৰা কে.কে.যোৱা নিশা মৃত্যুবৰণ কৰাৰ পূৰ্বে উক্ত মঞ্চত প্ৰায় ৩.৩০ ঘন্টা গীত পৰিৱেশন কৰিছিল।
ইফালে কে.কেৰ আকস্মিক বিয়োগত ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় জগতৰ হলীউড-বলীউড আৰু সমগ্ৰ সংগীত জগতত ইতিমধ্যে তীব্ৰ শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে।

সেইমতে উত্তৰ পূৰ্বাঞ্চল তথা অসমতো অসমীয়া জনপ্ৰিয় গীত পৰিবেশন কৰিছিল।সেয়েহে অসমতো সংগীত সমাজত তীব্ৰ শোকৰ ছাঁ পৰিছে। ইতিমধ্যে কে.কেৰ আকস্মিক বিয়োগত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এক তদন্তৰ ঘোষণা কৰাৰ লগতে নেতাজী সুভাষ চন্দ্ৰ বসু ইন্টাৰনেছনেল এয়াৰপৰ্ট,ডুমডুমত ৰাজ্যিক মৰ্যাদাৰ এক শোকসভা অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে শেষ পুষ্পামাল্য অৰ্পণ কৰে।
3,698 Comments