sangbad lahar logo

বন্ধন বেংকৰ পৰা ঋণ লৈ স্বাৱলম্বী সোণাপুৰৰ একাংশ পুৰুষ-মহিলা।

গ্ৰাহকৰ সৈতে যেন বন্ধনৰ গঢ়ি উঠিছে এক আপোনত্বৰ বন্ধন। একাংশ পুৰুষৰ সমান্তৰালকৈ মহিলাইও বন্ধন বেংকৰ পৰা ঋণ লৈ দোকানৰ লগতে বিভিন্ন ফাৰ্মৰ জৰিয়তে কৰ্ম সংস্থাপনৰ বাট লৈছে মোকলাই। সমগ্ৰ ৰাজ্যতে বন্ধন বেংকে দখল কৰিছে এতিয়া এক সুকীয়া স্হান। বিগত কেইমাহ মান আগতে ঋণ মাফক লৈ যি বিতৰ্ক চলি আছিল তেনে সময়তো কিন্তু কমি যোৱা নাছিল বন্ধনৰ গ্ৰাহকৰ সংখ্যা। তাৰ পৰিপেক্ষিততে একাংশ পুৰুষৰ সমান্তৰালকৈ মহিলাসকলেও দোকানৰ লগতে ফাৰ্মৰ জৰিয়তে স্ব-নিৰ্ভৰশীল হৈ পৰিয়াল পোহপাল দি স্বাৱলম্বিতাৰ পথ দেখুৱাবলৈ সক্ষম হৈছে।
তেনে এক উৎকৃষ্ট উদাহৰণ দেখা গ’ল সোণাপুৰত। এই অঞ্চলৰ একাংশ পুৰুষ- মহিলাই বন্ধন বেংকৰ পৰা ঋণ লৈ দোকানৰ লগতে বিভিন্ন ফাৰ্মৰ জৰিয়তে কৰ্ম সংস্থাপনৰ বাট মোকলাই লোৱা পৰিলক্ষিত হয়। আনহাতে তেওঁলোকে কয় যে আমি যেনেকৈ ঋণ লৈ সঠিক কামত খটুৱাই নিজৰ কৰ্মসংস্থাপনৰ বাট মোকলাবলৈ সক্ষম হৈছো তেনেদৰে যেন সকলোৱে বন্ধন বেংকৰ পৰা ঋণ লৈ অলাগতিয়াল কামত খৰছ নকৰি নিজৰ উপাৰ্জনৰ দিশত খৰছ কৰাৰ উপৰিও নিজেই নিজৰ স্বাৱলম্বিতাৰ পথ বাছি লয়। লগতে কয়, অন্য বেংকসমূহৰ পৰা ঋণ ল’বলৈ বহুত সমস্যা তেনেস্থলত একমাত্ৰ বন্ধন বেংকেহে সহজতে ঋণ প্ৰদান কৰি আহিছে ।‌ গতিকে এই ক্ষেত্ৰত সকলোৱে ঋণ সমূহ পৰিশোধ কৰি অধিক পৰিমাণৰ ঋণ লৈ বিভিন্ন দিশেৰে কৰ্মসংস্থাপনৰ বাট দেখুৱাই আন দহজনকো কৰ্মসংস্থাপনৰ এক আদৰ্শ দেখুৱাবলৈ সক্ষম হৈছে এতিয়া বন্ধন বেংকে।আৰু এইদৰে স্বাৱলম্বী হৈ পৰিছে একাংশ পুৰুষ-মহিলা।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *