
সোণাপুৰ ৰূপনগৰৰ এইগৰাকী মহিলাই দেখুৱাইছে স্বাৱলম্বনৰ নিদৰ্শন। নাম মিনাক্ষী কলিতা। ‘বন্ধন বেংক’ৰ পৰা ঋণ লৈ স্বাৱলম্বী হোৱা এইগৰাকী মহিলাই লকডাউনৰ সময়তো সুচাৰুৰূপে চলাই নিছে পৰিয়াল। হাঁহ-কুকুৰা পালনৰ উপৰিও ক্ষুদ্ৰ ব্যৱসায়েৰে চলাই নিছে তেওঁৰ পৰিয়াল। সেয়ে কৃতজ্ঞতা জ্ঞাপন কৰিছে বন্ধন বেংক কৰ্তৃপক্ষলৈ। গ্ৰাম্য অৰ্থনীতিৰ উত্তৰণত বন্ধন বেংকৰ এই পদক্ষেপ সঁচাই প্ৰসংশনীয়।