sangbad lahar logo

*বন্ধনৰ বেংকিং ইউনিট বাইহাটা চাৰিআলিয়ে স্বাৱলম্বী কৰি তুলিলে কৌশল্যা, লাৱণ্যা, বন্দনা, ৰীতামণিহঁতক…..*

ডিজিটেল ডেস্ক , সংবাদ লহৰ , ৯ আগষ্টঃ– ভাৰতবৰ্ষৰ অগ্ৰণী অৰ্থনৈতিক প্ৰতিষ্ঠান বন্ধন বেংকৰ বেংকিং ইউনিট বাইহাটা চাৰিআলিৰ পৰা ঋণ লৈ এতিয়া স্বাৱলম্বী বহু মহিলা৷ কোনোবাই যদি গাহৰিৰ ফাৰ্মেৰে স্বাৱলম্বী কোনোবাই আকৌ নিজকে প্ৰতিষ্ঠা কৰিছে টেইলৰিঙৰ ব্যৱসায়েৰে৷ কোনোৱে আকৌ পুখুৰীত মাছ পুহি, তাঁতশালৰ ব্যৱসায় কৰিও থিয় দিছে নিজৰ ভৰিত নিজে৷ মুঠৰ ওপৰত আনৰ মুখলৈ বাট চাই ৰ’ব লগা হোৱা নাই তেওঁলোক৷ কৰ’না মহামাৰীৰ এই ভয়াৱহতাৰ সময়ত সকলো চৰকাৰী নীতি-নিয়ম মানি বাইহাটা চাৰিআলি শাখাই সহায় কৰি গৈছে হিতাধিকাৰীসকলক৷ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি লকডাউনৰ মাজতো শাখাটোৱে বন্ধনৰ বিভিন্ন আঁচনি, যেনে- সমাধান আঁচনি, সুবৃদ্ধি আঁচনি, সমৃদ্ধি আঁচনিৰ যোগেদি হিতাধিকাৰীসকলক স্বনিৰ্ভৰশীল হোৱাত অৰিহণা যোগাইছে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *