sangbad lahar logo

বটদ্ৰৱা থানত উপস্থিত মুখমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷ মুকলি কৰিলে ২৩ কোটি ব্যয়েৰে নিৰ্মাণ কৰা এক প্ৰকল্প ৷

ন ৰূপত সজাই তোলা হৈ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱা থান ৷ মুখ্যমন্ত্ৰীৰ ব্যক্তিগত পুঁজি অধীনত ২৩ কোটি টকা ব্যয়েৰে আটক ধুনীয়াকে নিৰ্মাণ কৰি উলিওৱা  শ্ৰীশ্ৰী বটদ্ৰৱা থানৰ দুটাকৈ সত্ৰাধিকাৰ গৃহ (সত্ৰাধিকাৰ চ’ৰা) আৰু এটা শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ গৃহৰ লগতে দামোদৰ আটা “ নামাকৰণে আন এটি সভাগৃহৰ আজি আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই , লগতে নগাঁওৰ সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া উপস্থিত থাকে । ২০২২ চনৰ ২৩ এপ্ৰিলত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ পিছত ১৭ মাহৰ অন্তত আজি তেওঁ এই প্ৰকল্প ’আনুষ্ঠানিকভাৱে মুকলি কৰে ৷ যাক লৈ এতিয়া উৎফুল্লিত হৈ পৰিছে শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ লগতে ভক্তপ্ৰাণ ৰাইজ ৷

Related Articles