
নৱপ্ৰজন্মক নাটকৰ প্ৰতি আকৰ্ষিত কৰিবলৈ বটদ্ৰৱা থানত জনপ্ৰিয় অভিনেত্ৰী চেতনা দাস। বটদ্ৰৱা থানৰ আকাশী গংগাৰ তীৰৰ সাংস্কৃতিক মঞ্চত চলি থকা নাটক কৰ্মশালাত উপস্থিত থাকি গাঁৱৰ কনকন শিশু, কিশোৰী কিশোৰী তথা যুৱক যুৱতী সকলক উৎসাহ প্ৰদান কৰিবলৈ বিশিষ্টা অভিনেত্ৰী চেতনা দাসে অভিনয় আৰু সংলাপ পৰিবেশন কৰি আপ্লুত কৰিলে। মাধৱ সংস্কৃতি ন্যাসৰ উদ্যোগত বটদ্ৰৱা থানৰ আকাশী গংগাৰ তীৰৰ চলি থকা নাটক কৰ্মশালাত বিগত দিনত ৰাজ্যৰ কেইবাগৰাকী বিশিষ্ট চলচিত্ৰ-নাট্য শিল্পীয়ে প্ৰশিক্ষণ প্ৰদান কৰিছে। অসমীয়া সমাজ সংস্কৃতিৰ পিতৃপুৰুষ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানত চলি থকা এই নাটক কৰ্মশালাত বটদ্ৰৱাৰ শলগুৰি, নৰোৱা, বালিসত্ৰ, নসত্ৰ, ৰাইডঙীয়া, ধিং অঞ্চলৰ অৰ্ধশতাধিক প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰিছে।