
নগাঁও জিলাৰ বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত শিঙিয়া দলনি স্থিত গোপাল কৃষ্ণ গৰখীয়া থানত অহা ৯ নবেম্বৰৰ পৰা ১৪ নবেম্বৰলৈ শ্ৰীমদ্ভাগৱত পাঠ অনুষ্ঠিত হ’ব। তদুপলক্ষে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ সমীপৱৰ্তী ৰাইডঙীয়া, ভোমোৰাগুৰি, আইভেটি, পহুকটা, নসত্ৰ, কহুৱাতলী, কলিয়াপাম, পকামূৰা, মুকলি নসত্ৰ, গাখজুৱা, আলিচিঙা, ভোগবাৰী এই ১২ খন গাঁৱৰ ৰাইজৰ উপস্থিতিত আজি এখনি প্ৰস্তুতি সভা অনুস্থিত হয়। প্ৰস্তুতি সভাৰ পৰাই গোপাল কৃষ্ণ গৰখীয়া থান পৰিচালনা সমিতিৰ সভাপতি মিলন চন্দ্ৰ নাথ আৰু সম্পাদক বিষ্ণু বৰা আৰু হাটিচোং জিলা পৰিষদৰ সদস্যা সীমা ৰেখা ভৰালীয়ে ভোমোৰাগুৰি-নসত্ৰ সংযোগী পথৰ কাষত নৈসৰ্গিক পৰিবেশত তথা সেউজীয়া ধাননি পথাৰৰ মাজত অৱস্থিত গৰখীয়া থান খনিত অনুষ্ঠিত হ’বলগীয়া শ্ৰীমদ্ভাগৱত পাঠৰ পবিত্ৰ অনুষ্ঠানটিত অঞ্চলটোৰ ভক্তপ্ৰাণ ৰাইজৰ সহায়-সহযোগিতা কামনা কৰে।